চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : ৭ গৰাকী আহত

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : ৭ গৰাকী আহত
Published on
Updated on

ডিজিটেল সংবাদ,চতিয়া : চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বুধবাৰে চতিয়াৰ খনাগুৰিৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ সমীপত বলেৰ’ বাহন এখন দুৰ্ঘটনাত পতিত হয় ৷

জানিব পৰামতে AS-01-BK-4733 নম্বৰৰ বলেৰ’ বাহনখনত ৭জন আৰোহীৰে বৰপেটাৰ পৰা ইটানগৰলৈ বুলি যাত্ৰা কৰিছিল ৷ প্ৰত্যক্ষদৰ্শীৰ মতে বাহনৰ চালকজনৰ টোপনি অহাৰ বাবেই পথৰ মাজৰ ডিভাইদাৰত খুন্দিয়াই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ইতিমধ্যে সংকটজনক অৱস্থাত আৰোহীসকলক ১০৮ এম্বুলেঞ্চত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : ৭ গৰাকী আহত
পৰিত্যক্ত অৱস্থাত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in