পৰিত্যক্ত অৱস্থাত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচন

পৰিত্যক্ত অৱস্থাত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচন

author-image
Asomiya Pratidin
New Update
পৰিত্যক্ত অৱস্থাত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচন

ডিজিটেল সংবাদ,বিশ্বনাথ : যোৱা ২০২১ চনৰ ২৫ জানুৱাৰীত উত্তৰ পূব ভাৰতৰ দ্বিতীয়টো বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচন স্থাপন হৈছিল বিশ্বনাথত। সেই সময়ত সাংসদ পল্লৱ লোচন দাসে উদ্বোধন কৰিছিল এই ষ্টেচনটো।

Advertisment

অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা বিশ্বনাথত স্থাপিত ১ কোটি ৭৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ চাৰ্জিং ষ্টেচনটো অচল হৈ পৰি ৰৈছে। ১ কোটি ৫০ কোটি টকাৰ অধিক ধন ব্যয়েৰে ক্ৰয় কৰা ২খনকৈ বৈদ্যুতিক বাছ চাৰ্জিঙৰ অভাৱত ফুলদানিত পৰিণত হৈছে।

বিশ্বনাথৰ ফলফলিত স্থাপন কৰা বৈদ্যুতিক যান-বাহন চার্জিং ষ্টেচনটোৰ পৰা ২খনকৈ বাছ চলাচলৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু বর্তমান বাছ দুখন অচল। আপডালহীন অৱস্থাত থকা বাছ দুখন চার্জ কৰিবলৈ অক্ষম অসম ৰাজ্যিক পৰিবহণ নিগম।

অভিযোগ অনুসৰি ১২০ কিঃমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা প্ৰদূষণমুক্ত বাছ দুখনৰ ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ বিভাগে ‘হাতী ক্ৰয় কৰি শিকলি’ৰ ব্যৱস্থা কৰাত ব্যৰ্থ হোৱাৰ দৰে হৈছে। কীট-পতংগৰ আশ্ৰয় থলী হৈছে এই চাৰ্জিং ষ্টেচন।

ইয়াত পৰি ৰৈছে চাৰ্জ দিয়া দুটাকৈ ইউনিট। ঘাঁহ বনৰে পৰিপূৰ্ণ হৈ পৰিছে চৌহদ। এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্বনাথৰ বিভিন্ন দল সংগঠনে এই চাৰ্জিং ষ্টেচনটো শীঘ্ৰে কাৰ্যক্ষম নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Also Read: দুৰাৰোগ্য ৰোগত আক্ৰান্ত ছাত্ৰী : সহায় বিচাৰি পিতৃ-মাতৃৰ কাতৰ অনুৰোধ

biswanath ASTC electric bus PALLAB LOCHAN DAS