Advertisment

অচিনাক্ত বাহনৰ খুন্দাত মহিলাৰ মৃত্যু, উদ্ধাৰ হোৱা নাই পৰিচয়

অচিনাক্ত বাহনৰ খুন্দাত মহিলাৰ মৃত্যু, উদ্ধাৰ হোৱা নাই পৰিচয়

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনৰ খুন্দাত মহিলাৰ মৃত্যু, উদ্ধাৰ হোৱা নাই পৰিচয়

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ। দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা।

Advertisment

জালুকবাৰীৰ পৰা লখৰা অভিমুখী পথত সংঘটিত এই ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাহনখনৰ। বৰ্তমানে মৃত মহিলাগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। লগতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

Also Read: আজি ট্ৰেক্টৰ লৈ 'দিল্লী চলো' যাত্ৰা কৰিব প্ৰতিবাদকাৰী কৃষকে...

road accident