৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি! থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত ৪ জন নিহত

কাৰ্বিআংলংৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই পথ দুৰ্ঘটনাত ৪ জন লোক নিহত হয়।

author-image
Asomiya Pratidin
New Update
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি! থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত ৪ জন নিহত

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই ধনশিৰি মহকুমাৰ কাষৰীয়া অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কাৰ্বিআংলংৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই পথ দুৰ্ঘটনাত ৪ জন লোক নিহত হয়।

Advertisment

জানিব পৰা মতে আজি পুৱা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয়। AS 01 FJ 4114 নম্বৰৰ এখন ডিমাপুৰ অভিমুখী থাৰ বাহন আৰু NL 04 C 3801 নম্বৰৰ গোলাঘাট অভিমুখী জিপচী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো হয় ৷

এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জন থিতাতে নিহত হোৱাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। আহত কেইজনক ইতিমধ্যে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

বৰ্তমানলৈকে নিহতসকলৰ নাম জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰম্ভ হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: ধোঁৱাচাঙত উঠিল নেকি সাংবাদিকৰ কল্যান আঁচনিবোৰ ?

road accident