পাটাছাৰকুছিত বাইকৰ খুণ্ডাত মহিলাৰ মৃত্যু...

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ সোমবাৰে দুপৰীয়া পাটাছাৰকুছিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এগৰাকী মহিলা থিতাতে নিহত হয় ৷

জানিব পৰা মতে পাটাছাৰকুছিৰ হাউলী নিবাসী মঞ্জুবালা ৰয়(৬৫) নামৰ মহিলাগৰাকীয়ে ব্যক্তিগত কামত পাটাছাৰকুছিলৈ আহিছিল৷ তীব্ৰবেগী বুলেট এখনে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্ৰ বেগত খুন্দিওৱাৰ ফলতেই মহিলাগৰাকী থিতাতে নিহত হয়৷

ইতিমধ্যে আৰক্ষীয়ে বুলেট খন জব্দ কৰিছে৷ এনে ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি পাটাছাৰকুছিত তীব্ৰবেগী বাইকৰ উৎপাতত ইতিমধ্যে সন্ত্ৰাসিত হৈ আছিল৷ ইতিমধ্যে কেবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে৷

ROAD ACCIDENT
বৰভেটিত ৰঙালীৰ আনন্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in