বৰভেটিত ৰঙালীৰ আনন্দ...

আমি এক ভয়াবহ ভৱিষ্যতৰ ইংগিত লাভ কৰিছো। সেয়া হৈছে ভাষাৰ সংকট।পৃথিৱীৰ পৰা প্ৰতি ১৪ দিনত এটাকৈ ভাষা লোপ পাইছে।এতিয়ালৈকে ভাৰত ৰাষ্ট্ৰৰ ১৯৬ টা ভাষা হেৰাল।ইয়াৰে ৮০ টাই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ।অসমৰো ২০ টাকৈ ভাষা আজি বিপদাপন্ন- জ্যোতিপ্ৰসাদ বৰা

author-image
Asomiya Pratidin
New Update
বৰভেটিত ৰঙালীৰ আনন্দ...

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱৰ কাছমাৰী মৌজাৰ বৰভেটি গাঁৱত ৫ মে'ৰ পৰা অনুষ্ঠিত ৰঙালী উৎসৱৰ সোমবাৰে পুৱা সামৰণি পৰে। বৰভেটিৰ সমীপৱৰ্তী শিমলুগুৰিতো ন-যুৱক সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব'হাগী উৎসৱ।

Advertisment

অনুষ্ঠানৰ মুকলি অধিৱেশনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ জ্যেষ্ঠ সংবাদকৰ্মী জ্যোতিপ্ৰসাদ বৰা। অনুষ্ঠানত উপস্থিত থাকি নাট্য সমালোচক গৰাকীয়ে বিহুক বিশ্ব পৰ্যটনৰ আওঁতালৈ অনাৰ পোষকতা কৰে।

আজি পুৱা সামৰণি পৰা এই ৰঙালী উৎসৱৰ নিশাৰ বিহুৰ অনুষ্ঠান সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শোভাৰম্ভ হয়। বন্তি প্ৰজ্বলনৰ পিছতেই মুকলি অধিৱেশন অনুষ্ঠিত হয়। নৱৰূপা সাংস্কৃতিক গোষ্ঠীৰ সভাপতি পৰাগজ্যোতি বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ উপৰিও বিহু উদযাপন সমিতিৰ সভাপতি চম্পক কুমাৰ নাথ,সাধাৰণ সম্পাদক উমেশ চন্দ্ৰ নাথ,নৱৰূপা সাংস্কৃতিক গোষ্ঠীৰ সাধাৰণ সম্পাদক ৰক্তিম কুমাৰ দেৱনাথ,শিক্ষক লক্ষ্যজিৎ নাথ,সক্ৰিয় ৰাজহুৱা কৰ্মী লক্ষী বৰা,জিতেন নাথ,জাকিৰ হুছেইন,খাইৰুল ইছলাম,সাংস্কৃতিক সংগঠক পল্লৱ নাথ আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে।

এই মুকলি অধিৱেশনৰ পিছতেই সদৌ অসম ভিত্তিত বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ ভিন্ন প্ৰান্তৰ ২০ টাকৈ বিহু দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ বিহুকুঁৱৰীৰ শাখাত মৰাণৰ ৰংমন বিহুৱা দলৰ বন্যানী গগৈয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে গুৱাহাটীৰ মাইহাং বিহু দলৰ গঙ্গা বসুমতাৰীয়ে দ্বিতীয় স্থান লাভ কৰে।একেদৰে বিহু কন্যাৰ শাখাত কাছমাৰীৰ জোনবিৰি বিহুৱা দলৰ এঞ্জেল আলিয়াই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে নগাঁৱৰ ৰংদৈ বিহুৱা দলৰ বিপাঙ্খী শইকীয়াই দ্বিতীয় স্থান লাভ কৰে।

ইপিনে এই প্ৰতিযোগিতাত তেজপুৰৰ ভৈৰৱী বিহু দলে শ্ৰেষ্ঠ বিহুৱা,নগাঁৱৰ কুলি-কেতেকী বিহু দলে শ্ৰেষ্ঠ পেঁপাবাদক,ঢেকীয়াজুলিৰ ৰামধেনু বিহু দলে শ্ৰেষ্ঠ ঢুলীয়া, মৰাণৰ ৰংমন বিহু দলে শ্ৰেষ্ঠ তালবাদক আৰু নগাঁৱৰ মিলনজ্যোতি সংঘৰ বিহু দলে শ্ৰেষ্ঠ গগণাবাদকৰ খিতাপ অৰ্জন কৰে।প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত আছিল ৰিমজিম ৰাভা বৰা আৰু দেৱজ্যোতি নাথ।

Also Read: ইৰাণী নাৱসহ মাছমৰীয়াক আটক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

borbheti nagaon 2024 bihu 2024 Nagaon bihu celebration