জামুগুৰিহাটৰ টৌভঙাত ভয়ংকৰ পথ দুৰ্ঘটনা

জামুগুৰিহাটৰ টৌভঙাত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টৌভঙাত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন বলেৰ' গাড়ী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পথৰ কাষৰ দ' খাৱৈত পৰে ৷

ফলত বলেৰ' খনত অহা ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকেইগৰাকীক সংকটজনক অৱস্থাত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ১০৮ এম্বুলেন্সৰ জৰিয়তে প্ৰেৰণ কৰে যদিও চিকিৎসকে অৱস্থা অতি সংকটজনক দেখি ততাতয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS-12-x-0942 ৷ ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in