/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকাজান-চিলাপথাৰ পথত তীব্ৰ বেগী ডাম্পাৰ- স্কুতিৰ মুখামুখী সংঘৰ্ষ। থিতাতে নিহত দুজন যুৱক।
দুৰ্ঘটনাগ্ৰস্থ ডাম্পাৰ আৰু স্কুটিৰ নম্বৰ ক্ৰমে AS 22G 8429 আৰু AS 06 AE 1863 । বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত লিকাবালিৰ কুৱেৰীৰ পৰা ডিব্ৰুগড়মুখে গৈ আছিল শিল ভৰ্তি ডাম্পাখন। উক্ত সময়তে বিপৰীতমুখী গৈ থকা স্কুটিখনৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হয়।
থিতাতে নিহত হয় স্কুটিৰ দুই আৰোহী বিকি ৰেগন (৩০) আৰু নৱ ৰেগন ( ৩২)। দুয়োজন বিবাহিত যুৱকৰ ঘৰ চিলাপথাৰৰ কুলাজানত। ভয়াৱহ ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰৰ চালকে পলায়ন কৰে বুলি জানিব পৰা গৈছে।
Also Read: দৌল উৎসৱৰ আনন্দৰ মাজতেই নৃশংস হত্যাকাণ্ড যোগীঘোপাত