দৌল উৎসৱৰ আনন্দৰ মাজতেই নৃশংস হত্যাক‍াণ্ড যোগীঘোপাত

দৌল উৎসৱৰ আনন্দৰ মাজতেই নৃশংস হত্যাক‍াণ্ড যোগীঘোপাত

ডিজিটেল ডেস্ক : ৰাজ্যত চৌদিশে দৌল উৎসৱৰ আনন্দত ৰাইজ আত্মহাৰা হৈ থকাৰ সময়তেই যোঘীঘোপাৰ পাল্লীৰতল পালপাৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । যি সময়ত ফাকুৱাৰ ৰঙে সকলোৰে মাজত প্ৰেম আৰু ভাতৃত্বৰ বান্ধোন আৰু সুদৃঢ় কৰি তোলে সেই সময়তেই এনে এক লোমহৰ্ষক ঘটনাই সকলোৰে চকু কপালত তুলিছে । ৰাজ্যত যেন প্ৰতিদিনেই বৃদ্ধি পাইছে এনেধৰণৰ হিংসাত্মক ঘটনা ।

উল্লেখ্য যে, যোগীঘোপাৰ পাল্লীৰতল পালপাৰাত ৰাজ্যৰ অন্য প্ৰান্তৰ দৰেই উদযাপন কৰা হৈছিল দৌল উৎসৱ । এই দৌল উৎসৱৰ বাবেই নিশা প্ৰসাদ বিতৰণ কৰাৰ সময়তেই বাক বিতণ্ডাত লিপ্ত হয় কৃষ্ণ শীল আৰু তৰণি দাস নামৰ দুগৰাকী ব্যক্তি । ৰাইজৰ মধ্যস্থতাত দুয়োৰে বাক বিতণ্ডাই গুৰুতৰ ৰূপ নলয় যদিও যেন এক ক্ষোভ পুহি ৰাখে কৃষ্ণ শীলে । নিশা প্ৰায় ১১ বজাত কৃষ্ণ শীলে নিজৰ বাসগৃহৰ পৰা চুৰী এখন আনি আকস্মিকভাৱে হত্যা কৰে তৰণি দাসক । মূহুৰ্তৰ ভিতৰতে সংঘটিত এই হত্যাকাণ্ড কোনেও তলকিব পৰাৰ পূৰ্বেই হ'ল যদিও বাধা দিবলৈ আহোতে চুৰীৰ আঘাতত আঘাতপ্ৰাপ্ত হয় ৰবীন চন্দ্ৰ শীল আৰু সাধন পাল নামৰ আন দুগৰাকী ব্যক্তি ।

প্ৰশ্ন হয়, ৰাইজে স্বত:স্ফুৰ্তভাৱে আয়োজন কৰা অনুষ্ঠান সমূহ প্ৰশাসনে সাধাৰণতে কোনো ধৰণৰ আৰক্ষী বিষয়া নিয়োজিত নকৰিব পাৰে বহু দিশলৈ লক্ষ ৰাখি । সাধাৰণতে ধৰ্মীয় আৰু এনে ধৰণৰ উৎসৱমূকৰ অনুষ্ঠান সমূহত আৰক্ষীৰ প্ৰয়োজনো নহয় কোনো কালেই কিয়নো ইয়াত ৰাইজেই হৰ্তাকৰ্তা তথা এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি কল্পনাও কৰিব নোৱাৰে কোনেও । তেনেস্থলত এনে ধৰণৰ হিংসাত্মক ঘটনাই ভৱিষ্যতলৈ অনুষ্ঠান সমূহৰ সৌষ্ঠৱ ৰক্ষা কৰাত বিফল হোৱাৰ ওপৰিও প্ৰশাসনেও বাধ্য হৈ আৰক্ষী মোতায়েন কৰিব লগীয়া হ'ব । যাৰ বাবে সচেতন হোৱাৰ প্ৰয়োজন ৰাইজৰো । কোনো কাৰণতেই কোনো মাদক দ্ৰৱ্যৰ সেৱন, সমাজৰ ক্ষতি সাধন কৰিব পৰা লোকৰ উপস্থিতি নিষিদ্ধ কৰাৰ প্ৰয়োজন আহি পৰিছে চৌদিশে ।

দৌল উৎসৱৰ আনন্দৰ মাজতেই নৃশংস হত্যাক‍াণ্ড যোগীঘোপাত
গুপ্তচৰৰ ৰূপত পাৰ চৰাই, জেমছ বণ্ডৰ চিনেমা নহয় বাস্তৱ জীৱনত ধৰা পৰিল আৰক্ষীৰ হাতত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in