বাসুগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, এজন নিহত

নিহত পদপথৰ ক্ষুদ্ৰ ব্যবসায়ী জনক বাসুগাঁও চহৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা সৰণজিৎ ৰায় ওৰফে ডামফ্লা (৩৯) আৰু

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল সংবাদ, চিৰাং : বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত বাসুগাঁও চহৰৰ থানা চাৰিআলিত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী চাৰিচকীয়া বাহনৰ খুন্দাত এজন ক্ষুদ্ৰ ব্যবসায়ী নিহত হোৱাৰ উপৰি অন্য এজন পথচাৰী গুৰুতৰভাৱে আহত হয় ।

Advertisment

নিহত পদপথৰ ক্ষুদ্ৰ ব্যবসায়ী জনক বাসুগাঁও চহৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা সৰণজিৎ ৰায় ওৰফে ডামফ্লা (৩৯) আৰু গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা পথচাৰী জনৰ নাম সঞ্জীৱ বৰ্মন (৩১)বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শীৰ মতে দুপৰীয়াৰ ভাগত বাসুগাঁও শ্মশান যোৱা পথেদি এটা পৰিয়ালে চাৰিচকীয়া বাহনেদি আহি থকা সময়ত থানা চাৰিআলিত অতৰ্কিতে তীব্ৰবেগী স্কুটী সন্মুখত আহি পৰা স্কুটী আৰোহীক বচাবলৈ চেষ্টা কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহন খনে পথৰ দাঁতিত টেবুল বহুৱাই মোৱাইল কভাৰৰ দোকান কৰি থকা সৰণজিৎ ৰায় আৰু ক্ৰেতা হিচাপে উপস্থিত থকা সঞ্জীৱ বৰ্মনক মহতিয়াই নি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী সঞ্চয় কৰা পকী টেংকীত হেচা দি ধৰে ।

ফলত দুয়ো গৰাকী গুৰুতৰভাৱে আহত হয় । স্থানীয় লোকে বুকু, পেটত আঘাতপ্ৰাপ্ত সৰণজিৎ ৰায় আৰু দুই ভৰি ভাগি যোৱা অৱস্থাত সঞ্জীৱ বৰ্মনক বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ যায় যদিও দুয়োৰে শাৰীৰিক অৱস্থাৰ অৱনতি হোৱা উন্নত চিকিৎসাৰ বাৱে এম্বুলেঞ্চ যোগে বঙাইগাঁও চহৰলৈ যোৱাৰ সময়তে আধা বাটতে সৰণজিৎ ৰায়ে মৃত্যুক আকোৱালি আকোৱালি লয় ।

সকলোৰ সৈতে হাঁহি ফুৰ্তিৰে মিলি থকা দৰিদ্ৰ ঘৰৰ ক্ষুদ্ৰ ব্যবসায়ী সৰণজিৎ ৰায়ৰ এই অকাল মৃত্যুত থানা চাৰিআলিৰ ব্যবসায়ী মহলত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত সৰণজিৎ ৰায়ে পত্নী, এজন দিব্যাঙ্গ সন্তানসহ দুটি সন্তান ইহসংসাৰত এৰি থৈ যায় । আৰক্ষীয়ে বাহনসহ চালক জনক আটক কৰিছে ।

Also Read: মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত দালাল বিৰোধী অভিযানৰ ফোপোলা স্বৰূপ

Assam police