চাপৰৰ সোণামুখিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত দুজন

চাপৰৰ সোণামুখিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত দুজন

author-image
Asomiya Pratidin
New Update
চাপৰৰ সোণামুখিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত দুজন

ডিজিটেল ডেস্কঃ চাপৰৰ সোণামুখিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। শালকোচাৰ সোণামুখীৰ ১৭নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন কলেজীয়া ছাত্ৰ। নিহত ছাত্ৰ দুগৰাকী ঘৰ বিলাসীপাৰাৰ ছুৱাপাতা ৫ম খণ্ড গাওঁত বুলি জানিব পৰা গৈছে। ছাত্ৰ দুগৰাকীৰ নাম আবু ছায়েদ আহমেদ আৰু ফিৰদোজ ৰহমান।

ঘটনাৰ বিৱৰণী মতে বিলাসীপাৰা বি,এম, জুনিয়ৰ কলেজৰ পৰা নিজ ঘৰ অভিমুখে মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত সোনামুখিত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাৰ লগত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ছাত্ৰদুজনৰ।

দুৰ্ঘটনাগ্ৰস্থ বাইক খনৰ নম্বৰ এএছ১৭এম২২৮৬। ঘটনাস্থলীৰ পৰা স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয় লৈ যাোৱা হয়। পিছত মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Also Read: তিনিচুকীয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

road accident