/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ebc82d37-3a2c-4a3f-8bea-80e984dda693/8.jpg)
ডিজিটেল সংবাদ, দুলীয়াজানঃ তিনিচুকীয়া জিলাৰ বৰডুবিৰ বাহাদুৰ চাৰিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। বৰডুবিৰ বাহাদুৰ চাৰিআলিৰ ৰে'ল ক্ৰচিঙৰ সমীপত অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছে। ১০-১৫ টা বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান জুইয়ে আৱৰি ধৰিছে ।
ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া আৰু অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডৰ ফলত বৃহত্তৰ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । এতিয়াও নিৰ্বাপিত হোৱা নাই অগ্নিকাণ্ড ।
Also Read: অগপৰ প্ৰাক্তন নেতা গকুল বুঢ়াগোহাঁইৰ বিয়োগ