
ডিজিটেল সংবাদ, সূৱণখাটা: ৰাজ্যৰ চৌপাশে এতিয়া কেৱল প্ৰদূষণ আৰু প্ৰদূষণ। কি বায়ু, কি মাটি, কি পানী; মুঠৰ ওপৰত আমাৰ চৌপাশ সকলো প্ৰকাৰে প্ৰদূষিত হৈ পৰিছে। বাক্সা জিলাৰ বুকুৰে বৈ যোৱা পাগলাদিয়া নৈৰ পানীও বৰ্তমান প্ৰদূষণৰ কবলত।
এই অভিযোগ স্থানীয় ৰাইজৰ। যোৱা কিছু দিনৰ পৰা নৈখন প্লাষ্টিক আৰু ভঙা বটলেৰে ভৰি পৰিছে ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে বনভোজৰ নামত প্ৰদূষিত কৰি তুলিছে পাগলাদিয়াৰ বুকু ৷
স্থানীয় ৰাইজে এই সন্দৰ্ভত বন বিভাগ তথা স্থানীয় স্বেচ্ছাসেৱী সংগঠনক অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পৰা বৈ অহা পাগলাদিয়া নৈৰ পাৰতে অৱস্থিত সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ বনভোজ স্থলী চৌকী ৷ আৰু এই চৌকীত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজৰ বাবে যোৱা দল সমূহে প্ৰদূষিত কৰি তুলিছে পাগলাদিয়াৰ বুকু।
বনভোজৰ নামত সুৰা সেৱন কৰি বটল তথা প্লাষ্টিক সমূহ নৈৰ পানীত পেলাই দিয়াত সমস্যাৰ সম্মুখীন হৈ আহিছে বৃহত্তৰ সূৱণখাটা অঞ্চলৰ কৃষক ৰাইজ ৷ নৈৰ পানীত বৈ অহা ভঙা বটল তথা প্লাষ্টিক সমূহৰ বাবে ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল ৷ এই নৈৰ পানীত নামি বান্ধ বান্ধে ৰাইজে ৷ আৰু নৈৰ বুকুৱে কঢ়িয়াই অনা ভঙা গ্লাছত আহত হৈ আহিছে বহু কৃষক ৷
তদুপৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে খোৱাৰ বাবেও ব্যৱহাৰ কৰে নৈখনৰ পানী ৷ কিন্তু নৈৰ পানীত পেলোৱা প্লাষ্টিক সমূহৰ বাবে নৈৰ পানী খোৱাৰ অনুপযোগী হৈ পৰাত সমস্যাৰ সৃষ্টি কৰিছে ৷ স্থানীয় ৰাইজে এই সন্দৰ্ভত বন বিভাগ তথা বনভোজস্থলী পৰিচালনা কৰা সংস্থাটোক অৱগত কৰি ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাই আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ যাৰবাবে অঞ্চলটোৰ কৃষক ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ স্থানীয় স্বেচ্ছাসেৱী সংগঠনটোৱে মাত্ৰ ধন আহৰণত দায়িত্ব সাামৰি পৰিৱেশটো সুস্থ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।