/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7e116247-378b-41bb-aef6-b7794de85926/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ অতি কম সময়ৰ ভিতৰত সুন্দৰ গীত পৰিৱেশনেৰে জনপ্ৰিয়তা অৰ্জন কৰা নতুন প্ৰজন্মৰ প্ৰতিভাসম্পন্ন শিল্পী তথা মেধা ছাত্ৰ ৰিতপল বৰকাকটিৰ নতুন গীত “নয়না”ই মুক্তি লাভ কৰিলে ৷ "নয়না" শীৰ্ষক এই ভিডিঅ' গীতটো মুক্তিৰ পিছতেই দৰ্শক তথা শ্ৰোতাই আঁকোৱালি লৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/177ce18f-75cf-432a-a0ef-6bd6696682e2/b3d2d668_1709_49b5_8ce7_e9dd013359e1.jpg)
উদীয়নাম ৰিতপল কাকতীৰ ঘৰ শিৱসাগৰ চহৰৰ পৰা ১৫কিলোমিটাৰ নিলগৰ আখৈফুটিয়া অঞ্চলত যদিও বৰ্তমান চহৰখনৰ দৰিকা অঞ্চলৰ বাসিন্দা ৷ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী পৱন বৰকাকতিৰ একমাত্ৰ পুত্ৰ সন্তান তেওঁ ৷ শিৱসাগৰৰ এখন শিক্ষানুষ্ঠানৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ ৰিতপল কাকতীয়ে শৈশৱৰে পৰা গীত পৰিবেশন কৰি সাধাৰণ লোকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b58f6e0e-334c-4639-a64d-fb0964aafcba/97a36972_c6bf_453e_a5c0_6db578a49ec5.jpg)
গীতৰ সমান্তৰালকৈ ৰিতপলৰ পাৰ্গত গীতাৰ বজোৱাতো৷ আজৰি সময়ত গীটাৰৰ শিক্ষা আহৰণ কৰি এতিয়া গীটাৰৰ তালে তালে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছেৰিতপলে ৷ গীত ভালপোৱা লোকৰ হৃদয়ত সুকীয়া স্থান অধিকাৰ কৰা ৰিতপল বৰকাকতিয়ে শেহতীয়াকৈ কবি-সাংবাদিক সত্যজিৎ নাথে ৰচনা কৰা "নয়না" নামৰ গীতটোত কণ্ঠদান কৰাৰ সমান্তৰালকৈ গীতটোৰ ভিডিঅ' এলবামটোত অভিনয়ো কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f778d78e-d487-45d3-a269-d6e8bccaf135/db359cdd_aa16_46c6_8987_7237944c2945.jpg)
শিৱসাগৰ চহৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভিডিঅ' গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে গড়গাঁও কলেজৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাচী মহন্তই। তেওঁ গীতটি মুকলি কৰি ৰিতপল বৰকাকতিৰ কণ্ঠক উচ্চ প্ৰশংসা কৰে ৷ ড° মহন্তই কয় যে- লক্ষ্যত উপনীত হোৱাৰ বাবে ৰিতপলে কঠোৰ সাধনা কৰিছে ৷ নয়না প্ৰডাকচনে এটা সৰ্বাংগসুন্দৰ গীত আৰু ভিডিঅ উপহাৰ দিছে ৷ ৰিতপল বৰকাকতি নিশ্চিত ভাৱে সফল হ’ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e92faca0-7b08-4c15-9811-769f17d11572/664df9fa_9ea9_4677_9457_5fb08d0de6f3.jpg)
তেওঁ লগতে কয় গীত, সুৰ আৰু বাদ্যযন্ত্ৰক সন্মান জনাব জানে ৰিতপলে ৷ জ্ঞান আহৰণৰ বাবে ৰিতপলে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অধ্যাপক ড° উৎপল দওই নতুন প্ৰজন্মই অধ্যয়নৰ সমান্তৰালকৈ সাংস্কৃতিক দিশত মনোনিবেশ কৰাটো আমাৰ সমাজৰ বাবে শুভলক্ষণ বুলিও মন্তব্যত উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4b7444c3-973c-4f5e-b9b3-bd0064d1fa6c/d172eb4e_7a71_4045_bff2_d9bb0c1f61f2.jpg)
শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই মেধা ছাত্ৰ ৰিতপলৰ গীতে সকলোকে মোহিত কৰিব পাৰিব বুলি মন্তব্য কৰে ৷ বুধবাৰৰ অনুষ্ঠানটিত সাংবাদিক মনোজ কুমাৰ গগৈ, কৌস্তুভমণি কাকতি, প্ৰদীপ গগৈ, হিমাংশু নেওগ, অধ্যাপক ড° উৎপল দও, অধ্যাপক প্ৰবীন শৰ্মাকে আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷ উল্লেখ্য আক্ৰামৰ পৰিচালনা আৰু পৰিকল্পনাত মুক্তি পোৱা নয়নাৰ ভিডিঅ'টো ইউটিউব চেনেল ৰিতপল বৰকাকটি ব্লগত উপলব্ধ।
Also Read: হাটশিঙিমাৰীত আটক ৩ ভুৱা সাংবাদিক