/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9a67a3af-6334-4164-b312-60f49fe4f870/babul_choudhury_23.jpg)
নৱগ্ৰহত বাবুল চৌধুৰীৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন...
ডিজিটেল ডেস্কঃ বিশিষ্ট সমাজকৰ্মী, অসম আন্দোলনৰ পৰা আৰম্ভ কৰি অতি নিষ্ঠাৰে সামাজিক অনুষ্ঠানৰ সৈতে জড়িত বাবুল চৌধুৰী আৰু নাই। সমাজৰ হকে ওৰেটো জীৱন উৎসৰ্গা কৰা বাবুল চৌধুৰী নিজেই এক অনুষ্ঠান আছিল।
দেওবাৰে আকস্মিক ভাৱে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল বাবুল চৌধুৰী।নিউ গুৱাহাটীৰ নিবাসী, সমাজকৰ্মীগৰাকীক গীতানগৰ কে জি এম টি হাস্পতাললৈ নিয়া হৈছিল যদিও সন্ধিয়াৰ ভাগত তেওঁৰ মৃত্যু হয়।
অৱসৰ প্ৰাপ্ত বেংক বিষয়াগৰাকীয়ে ইউ বি আইৰ সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনকো প্ৰতিনিধিত্ব কৰিছিল।১৯৮৭ চনৰ পৰা গ্ৰাহক সুৰক্ষা সন্থাৰো জড়িত চৌধুৰীয়ে অসম আন্দোলনৰ সময়তো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ট্ৰেড ইউনিয়নৰ বলিষ্ঠ নেতাগৰাকীয়ে শ্ৰমিকৰ স্বাৰ্থ আৰু অধিকাৰৰ হকে যুঁজ দি গৈছিল। নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজননীন পূজা সমিতিৰো মূল মানুহ আছিল চৌধুৰী।
ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিক কমিটীৰ ৰাজ্যিক সমিতিৰ সদস্য আছিল। গণেশ মন্দিৰ পথ উন্নয়ন সমিতিৰো বিষয়ববীয়া আছিল তেওঁ। ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা চৌধুৰীয়ে ২০১৭ বৰ্ষত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অসম জাতীয় বিদ্যালয়ৰ সৈতে জড়িত চৌধুৰী আছিল এজন সুসংগঠক নাট্যকৰ্মী আৰু লিখক।
আজি চৌধুৰীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে। তাৰ পাছত চি পি আইৰ ৰাজগড়স্থিত কাৰ্যালয়লৈ নিয়া হয় তেওঁৰ মৃতদেহ। ইয়াৰ পিছত নৱগ্ৰহত বাবুল চৌধুৰীৰ শেষকৃত্য অনুষ্ঠান অনুষ্ঠিত হয়। এই শেষকৃত্য অনুষ্ঠানত যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, মৃত্যুৰ দিনা তেওঁ হাতীগড়ত নাটকৰ আখৰাত ব্যস্ত আছিল। তেতিয়াই মাইল্ড ষ্ট্ৰোকত আক্ৰান্ত হৈছিল যদিও নাটকৰ আখৰা কৰি আছিল। সুবক্তা আৰু সু অভিনেতা বাবুল চৌধুৰী নাটকৰ আখৰা স্থলীতে বাগৰি পৰাত সমীপতে থকা কে জি এম টি হাস্পতাললৈ নিয়া হৈছিল।
মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু কন্যা, পুত্ৰক এৰি থৈ যায়। চৌধুৰীৰ মৃত্য অসমৰ সংগ্ৰামী ক্ষেত্ৰখনৰ বাবে এক বিৰাট ক্ষতি।
ক্লিক কৰি পঢ়কঃভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us