
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী পত্নীৰ নেতৃত্বাধীন কোম্পানীৰ ভূমি ক্ৰয় আৰু কেন্দ্ৰীয় সাহাৰ্য আত্মসাতৰ অভিযোগক লৈ সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ টুইট যুদ্ধ চলি থকাৰ মাজতে আজি প্ৰথমবাৰলৈ সৰৱ হল ৰিনিকি ভূঞা।
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিনিকি ভূঞা শৰ্মাই এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মত প্ৰকাশ কৰিছে। তেওঁৰ সম্পত্তিৰ হিচাপ সন্দৰ্ভত যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগ খণ্ডন কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে।
নগাঁও জিলাৰ কলিয়াবৰৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে ক্রয় কৰিছে বৃহৎ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা' আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা বুলি অভিযোগৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ সৈতে এক টুইট যুদ্ধত নামিছিল কংগ্ৰেছ সাসংদ গৌৰৱ গগৈ। আনহাতে এই সন্দৰ্ভত প্ৰকাশিত বিভিন্ন বা-বাতৰি আৰু দলীয় অভিযোগক লৈ আজি বিধানসভাৰ মজিয়াও উত্তাল হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে প্ৰথম বাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এইদৰে।
সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্তি কৰি তেওঁ কয় যে- বিভিন্ন ক্ষেত্ৰত প্ৰাউড ইষ্টে ২০০৬ চনৰ পৰা কাম কৰি আছে। আইন অনুসৰি এই কোম্পানীৰ সকলো ৰেকৰ্ড ৰাজহুৱা ক্ষেত্ৰত আছে। প্ৰাইড ইষ্ট আন যিকোনো যোগ্যতা অৰ্জনকাৰী উদ্যোগৰ দৰে- অংশগ্ৰহণ কৰিবলৈ যোগ্য চৰকাৰী সমৰ্থিত কাৰ্যসূচী/ইনচেণ্টিভ আঁচনিত।
কিন্তু ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা'ৰ অধীনত প্ৰাইড ইষ্টে এক পইছাও লোৱা নাই। কিন্তু যি অভিযোগ উত্থাপন হৈছে সেয়া আক্ৰমন কেৱল এগৰাকী অসমীয়া নাৰীৰ প্ৰতি যিয়ে ১৭ বছৰীয়া কোম্পানীটো চলাই আছে। এই কোম্পানীটোৰ আঁৰত একাংশ কৰ্মচাৰী আছে যাক এই খবৰে আঘাত কৰিছে। সেয়ে সাংসদ গৌৰৱ গগৈৰ ওপৰত ১০ কোটি টকাৰ মানহানি গোচৰ তৰিব বুলি উল্লেখ কৰে ৰিনিকি ভূঞা শৰ্মাই।