জামুগুৰিহাটৰ  চৈবাৰীত ৰাইছ মিল ইণ্ডাষ্ট্ৰি উদ্ধোধন  বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটৰ চৈবাৰীত ৰাইছ মিল ইণ্ডাষ্ট্ৰি উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ চৈবাৰীত নতুনকৈ সংযোজন হল এটি ৰাইছ মিল ও ৰাইচ ইণ্ডাষ্ট্ৰিৰ । জুমলী ৰাইছ মিল আৰু ইণ্ডাষ্ট্ৰি নামেৰে নতুন ৰূপত সাজি উলিওৱা এই জুমলী মিলৰ আজি আনুষ্ঠানিক ভাৱে ৰঙা ফিটা কাটি শুভ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে বৰ্তমান চৰকাৰৰ কাৰ্য্যকালত বহু শিক্ষিত নিৱনুৱা যুৱক যুৱতীয়ে নিজে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা হাতত লোৱাটো এক শুভ লক্ষণ ৷ বৃহত্তৰ অঞ্চলটোৰ কৃষকে দীৰ্ঘদিন ধৰি নিজৰ উৎপাদিত ধানৰ উচিত মুল্য প্ৰাপ্তিৰ বাবে যি সমস্যাৰ সন্মুখীন হৈছিল সেই সমস্যা এই মিলে কিঞ্চিত হলেও উপকৃত কৰিব বুলি আশা কৰা হৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে৷

আটকধুনীয়াকৈ অত্যাধুনিক সা-সৰঞ্জামে নিৰ্মিত এই মিলৰ স্বতাধিকাৰ জুমলী ভৰালী আৰু অৰুণ ভৰালীয়ে ৰাইছ মিলৰ শুভ উদ্ধোধনী অনুষ্ঠানটিত অংশগ্ৰহণকাৰী সকলো ৰাইজক অভিনন্দন ও কৃতজ্ঞতা জনাই এই মিলৰ যোগেদি স্থানীয় বহু নিবনুৱাই সংস্থাপন পাব বুলিও উল্লেখ কৰে ।

জামুগুৰিহাটৰ  চৈবাৰীত ৰাইছ মিল ইণ্ডাষ্ট্ৰি উদ্ধোধন  বিধায়ক পদ্ম হাজৰিকাৰ
দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ জিলা মইনা পাৰিজাতৰ যুটীয়াকৈ শিল্পী দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in