দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ জিলা মইনা পাৰিজাতৰ যুটীয়াকৈ শিল্পী দিৱস উদযাপন

দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ জিলা মইনা পাৰিজাতৰ যুটীয়াকৈ  শিল্পী দিৱস উদযাপন

ডিজিটেল সংবাদ,‌মঙলদৈঃ দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ জিলা মইনা পাৰিজাতৰ যুটীয়া উদ্যোগত শিল্পী দিৱস উদযাপন । দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ জিলা মইনা পাৰিজাতৰ যুটীয়া উদ্যোগত বুধবাৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাঙ্গনত দিন যোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতি দিৱস তথা শিল্পী দিৱস পালন কৰে।

পুৱা ৮-৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে। সদৌ অসম মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে মঙলদৈ জিলা মইনা পাৰিজাতৰ সভাপতি পংকজ কুমাৰ শৰ্মাই। ৯-৩০ বজাত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই। প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে মঙলদৈ জিলা মইনা পাৰিজাতৰ উপ সভাপতি তথা দৰং জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ হৰি চন্দ্ৰ শৰ্মাই।

পুৱা ১০-০০ বজাৰ পৰা আৰম্ভ হোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতা আবৃত্তি আৰু জ্যোতি সংগীত প্ৰতিযোগিতা উদ্ধোধন কৰে বিশিষ্ট গীতিকাৰ, কবি, সাহিত্যিক অৱসৰী অধ্যাপক দিগন্ত ভাগৱতীয়ে। সংগীত বিশাৰদ তথা শিল্পী কান্তা ধৰ ,সংগীত বিশাৰদ তথা শিল্পী দিপশীক্ষা ডেকা আৰু কবি, গীতিকাৰ, কুইজ শিক্ষক ডাঃ মৃণ্ময় কুমাৰ নাথে বিচাৰকৰ আসন অলংকৃত কৰা প্ৰতিযোগিতাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে দিপান্বিতা মনি বৰা , দ্বিতীয় স্থান অধিকাৰ কৰে প্ৰিয়াংশ্ৰী শিৱম আৰু তৃতীয় স্থান লাভ কৰে দিক্ষীতা ডেকাই । জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে শ্যামলী শিৱম, দ্বিতীয় স্থান অধিকাৰ কৰে ভাৰ্গৱী ডেকা আৰু তৃতীয় স্থান অধিকাৰ কৰে দিপান্বিতা মনি বৰাই ।

দুপৰীয়া ১-০০ বজাত দৰং জিলা সাহিত্য সভাৰ সহ সম্পাদক তথা মঙলদৈ জিলা মইনা পাৰিজাতৰ সম্পাদক প্ৰবীণ বৰুৱাই আট ধৰা পুৰস্কাৰ প্ৰদান কাৰ্যসূচীত অসম সাহিত্য সভাৰ এগৰাকী সম্পাদক সৎৰাম ডেকা , দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই অংশগ্ৰহণ কৰে।

সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীত মূখ্য প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰিব সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক ৰানা আলমে।

দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ জিলা মইনা পাৰিজাতৰ যুটীয়াকৈ  শিল্পী দিৱস উদযাপন
কঠীয়াতলীত তিৱাসকলে পালন কৰিলে মাঘ বিহু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in