মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাঃ খৰ্গবিহীন কংকাল উদ্ধাৰ...

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাঃ খৰ্গবিহীন কংকাল উদ্ধাৰ...
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাঃ খৰ্গবিহীন কংকাল উদ্ধাৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনাা। মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ চিধাঝাৰ বন শিবিৰৰ সমীপত উদ্ধাৰ হৈছে এটা গঁড়ৰ কঁংকাল।

গঁড়ৰ কংকালটোত নাই খৰ্গ। উল্লেখ্য যে, বন শিবিৰটোৰ পৰা মাত্ৰ ৫০০ মিটাৰ আঁতৰত উদ্ধাৰ হোৱা এই গঁড়ৰ কংকালটোৱে এতিয়া বহু প্ৰশ্নৰ উদয় কৰিছে। বিশেষকৈ গঁড়টোৰ খৰ্গ নথকাৰ বাবে এয়া যে এক হত্যাকাণ্ড সেই বিষয়ে অনুমান কৰা হৈছে।

কিন্তু বন শিবিৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ আঁতৰত কিদৰে চোৰাং চিকাৰিয়ে সংঘটিত কৰিলে এই ঘটনা? ইফালে এই গঁড় হত্যাৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল বন বিভাগে।

যিয়ে বিষয়টোক অধিৰ ৰহস্যঘন কৰি তুলিছে। ইফালে এই গঁড়টো এমাহৰ পূৰ্বে মৃত্যু হোৱা বুলিও সূত্ৰত প্ৰকাশ। যদি সেয়াই সত্য তেনে এমাহতেই গঁড়টো কিদৰে কংকাললৈ ৰূপান্তৰ হ'ল?

গঁড়টোৰ কংকাল উদ্ধাৰ হোৱা স্থান সম্পূৰ্ণ ক'লা হৈ আছে। সেই অনুসৰি গঁড়টোক হত্যা কৰি জ্বলাই দিয়াৰো সন্দেহ কৰা হৈছে। অৱশ্যে সঠিক তদন্তইহে এই সকলো ৰহস্যৰ উদঘাটন কৰিব।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাঃ খৰ্গবিহীন কংকাল উদ্ধাৰ...
দিল্লীৰ মেট্ৰ'ত মোডীঃ মত বিনিময় কৰিলে সাধাৰণ যাত্ৰীৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in