মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

ডিজিটেল ডেস্কঃ অসমৰ মুঠ ৯০ জন আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানক প্ৰদান কৰা ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক। ইয়াৰে ৫জনক স্বৰ্ণ প্ৰশংসা পদক আৰু ৮৫ জনক ৰূপৰ প্ৰশংসা পদক প্ৰদান কৰা হয়।

নিজৰ কৰ্তৱ্য নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে তেওঁলোকৰ প্ৰসংশীয় কামৰ বাবে তেওঁলোকক প্ৰদান কৰা হয় এই পদক। শনিবাৰে উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা হয় পদক লাভ কৰা আৰক্ষীৰ লোকসকলৰ তালিকা। উল্লেখযোগ্য যে, দেওবাৰে অসম আৰক্ষী দিৱসৰ প্ৰাকক্ষণত প্ৰকাশ কৰা হয় এই তালিকা।

আৰক্ষী সঞ্চালক প্ৰধানৰ স্বৰ্ণ প্ৰশংসা পদক লাভ কৰা আৰক্ষী বিষয়াসকল হ'ল ক্ৰমে আ পি এচ বিষয়া অনুৰাগ আগৰৱাল, আ পি এচ বিষয়া মজিবুৰ ৰহমান, এ পি এচ বিষয়া সিংহা ৰাম মিলি, এ পি এচ বিষয়া মইদুল ইছলাম আৰু পৰিদৰ্শক কপিল পাঠক।

মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক
পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in