বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত 'দিশা'ৰ বৈঠকত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত 'দিশা'ৰ বৈঠকত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বৃহনস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা ধুবুৰী জিলা 'দিশা'ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত বিভিন্ন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰা হয় ৷

বৈঠকত স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, জিলা পৰিষদ, জিলা গ্ৰামোন্নয়ণ অভিকৰণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, বেংক, সৰ্বশিক্ষা, মধ্যাহ্ন ভোজন, চৰ অঞ্চল উন্নয়ণ, জলসিঞ্চন, মীন, টেলিকম, বেংক আদি বিভিন্ন বিভাগৰ কাম-কাজ আৰু কাৰ্যসূচীৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে জনপ্ৰতিনিধিসকলে বিভাগবোৰৰ বিষয়া সকলক বিভিন্ন বিষয় সন্দৰ্ভত পোনপতীয়াকৈ প্ৰশ্ন কৰে। লগতেআঁচনি ৰূপায়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ৷

বৈঠকত বৰ্তমান চলি থকা আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ন খৰতকীয়া কৰাৰ লগতে ধুবুৰী জিলাৰ উন্নয়ণৰ বাবে ল'বলগীয়া পদক্ষেপৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় ৷ বিগত 'দিশা' বৈঠকৰ কাৰ্যবিবৰণী আৰু ইয়াৰ ভিত্তিত গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় ৷

বৈঠকত গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলি সৰকাৰ, বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, ধুবুৰী জিলা পৰিষদৰ সভাপতি প্ৰমুখ্যে কেবাজনো পঞ্চায়ত প্ৰতিনিধি, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত 'দিশা'ৰ বৈঠকত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা
গ্ৰীণ জখলাবন্ধা ক্লিন জখলাবন্ধাৰ দুৰৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in