/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8559d5ad-1282-45e2-b79f-2397f82d31c7/G11.jpg)
ডিজিটেল সংবাদ, ধেমাজি : "অসমত এতিয়া কংগ্ৰেছী নেতাৰে চৰকাৰ চলি আছে, বিজেপিৰ নামটোহে। কাৰণ কংগ্ৰেছৰ পৰা ৰাজনীতিৰ আদিপাঠ শিকি বি জে পি হ'লেওঁ তেওঁলোকে কংগ্ৰেছৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে।" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা দলটোৰ ৰাজ্যিক মূখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ ৷
প্ৰদেশ কংগ্ৰেছে যোৱা ২৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হাত চে হাতযোৰো অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোনিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া সহ ১১ খন জিলাকলৈ আয়োজন কৰা মাণ্ডলিক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি ভট্টাচাৰ্যই কয় যে, যিসকলে এতিয়া বিজেপি দলত থাকি কংগ্ৰেছক গালি পাৰিছে তেওঁলোকৰ প্ৰকৃত পৰিচয় ৰাইজে জানে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/934a7f9d-1633-4435-b6e1-8458487e8aff/57a55e58_61fe_4a93_bcee_8928b37a7973.jpg)
সাৰদা, লুই-বাৰ্জাৰ কেলেংকাৰীৰ দাগবোৰ আৰ এছ এছৰ নাগপুৰত চাফা কৰি নিকা হ'ল নেকি বুলি প্ৰশ্ন কৰে ৷ বিজেপিৰ কলা ধন কলৈ গ'ল বুলি প্ৰশ্ন কৰি ১.১০ লাখ কোটি টকাৰ ধাৰত পোত গৈ থকা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এইবাৰ ৰাইজে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উচিত শিক্ষা দিব ৷
বিজ্ঞাপন আৰু হৰ্ডিঙত চলি আছে বিজেপিৰ চৰকাৰ, ৬০ বছৰত কংগ্ৰেছ দলে দেশখন গঢ়িছিল আৰু বিজেপি চৰকাৰে ১০ বছৰত ৰেল, বেংক, বিমান সকলো আদানী আৰু আম্বানিক বিক্ৰী কৰিলে মোদী চৰকাৰে ৷ এতিয়া কেৱল দেশখনহে বাকী বিক্ৰী কৰিবলৈ বুলি ভট্টাচাৰ্যই উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9b02a276-cd18-4e12-86a2-5abcef72e489/76e27ca3_b7b1_4b22_9ca4_3d0d65bf1c7f.jpg)
অৱেশ্যে তেওঁ দলৰ কৰ্মীসকলক উদ্দেশ্যি ২০২৪ৰ লোকসভা নিৰ্বাচন কংগ্ৰেছ দলৰ বাবে জীৱন মৰণৰ প্ৰশ্ন হৈ উঠিছে বুলি উল্লেখ কৰি আমি সময়ৰ সৎব্যৱহাৰ কৰিবই লাগিব বুলি কয় ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক শৈলেন সোনোৱালে ৷
প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দুৱৰাই আঁত ধৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰে কয় যে,আমাৰ লগতে দেশবাসীক কংগ্ৰেছ দলে বহুত কিবাকিবি দিলে, এতিয়া আমি দলক পৰিশোধ কৰাৰ সময় আহিছে বুলি উল্লেখ কৰি দলৰ প্ৰতিজন প্ৰাথমিক সমিতিৰ সদস্যই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হবলৈ আহ্বান জনায় ৷
প্ৰাক্তন মন্ত্ৰী তথা বতৰ্মান দলৰ উপ সভাপতি প্ৰনতি ফুকনে বতৰ্মানৰ বিজেপি চৰকাৰৰ কামকাজক তীব্ৰ ভাষাৰে সমালোচনা কৰি আজিৰ বিজেপিৰ নেতা সকলেই এদিন কংগ্ৰেছ দলত ৰাজনীতিৰ আদিপাঠ শিকি এতিয়া কংগ্ৰেছক গোৱালগালি পাৰিলে শোভা নাপায় বুলি উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e79d167d-53fb-4364-a967-128ec016a6dd/d1038e71_17cf_4036_8309_7b905c5ce277.jpg)
সভাত প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনীয় সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি ক্ৰমে জয়ন্ত কলিতা, মাধুৰ্য গোস্বামী, ৰূপা দেউৰী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে দুৰ্গা ভুমিজ, সুৰুজ দিহিঙীয়া, মানস বৰা, পল্লৱী গগৈ, উৎপল গগৈ, প্ৰেমলাল গঞ্জু, পদ্মলোচন দলে, ডা° হেমহৰি প্ৰসন্ন পেগু, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ক্ৰমে জিন্টু হাজৰিকা, পল্লৱ চেতিয়া, ৰৌছনৰাজ চেত্ৰী, বিঞ্চু কমল পায়েং, অবিনাশ গগৈ, মিগম পেগু আৰু প্ৰদেশ কংগ্ৰেছৰ আৰ টি আই বিভাগৰ অধ্যক্ষ নাৰায়ণ শইকীয়া আদি উপস্থিত থাকে ৷
ইফালে সভাত লখিমপুৰ জিলা সমিতিৰ সভাপতি গগন চন্দ্ৰ বৰা,বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিলিপ বৰুৱা, শোনিতপুৰ জিলা সমিতিৰ সভাপতি দাদুল বৰকটকী, গোলাঘাট জিলা সমিতিৰ সভাপতি দাদু টাৱে, যোৰহাট জিলা সমিতিৰ সভাপতি পুতুল বুঢ়াগোঁহাই, শিৱসাগৰ জিলা সমিতিৰ সভাপতি মনজিৰ গগৈ, চৰাইদেউ জিলা সমিতিৰ সভাপতি অনুজ বৰকটকী, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দেৱৰঞ্জন গগৈ আৰু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰনৱ বৰুৱাকে ধৰি বিভিন্ন জিলাৰ সভাপতি,সম্পাদকসকলৰ উপৰিও ব্লক পৰ্যায়ৰ বিষয়ববীয়া সকলোও উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/37881ad1-f7cc-4493-be6b-ebe7471b6d7e/2258c76f_aeac_4353_a5d9_3099b27e3755.jpg)
আৰু পঢ়কঃ হাতীচোং কস্তৰবা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক চন্দ্ৰ বৰাক আবেগিক বিদায়