হাতীচোং কস্তৰবা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক চন্দ্ৰ বৰাক আবেগিক বিদায়

কনক চন্দ্ৰ বৰা এজন প্ৰকৃতাৰ্থতেই আদৰ্শ শিক্ষক : সিদ্ধাৰ্থ কুমুদ গগৈ
হাতীচোং কস্তৰবা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক চন্দ্ৰ বৰাক আবেগিক বিদায়

ডিজিটেল সংবাদ ,বেবেজীয়াঃ “এগৰাকী শিক্ষকৰ জনপ্ৰিয়তাৰ মাপকাঠিৰ পৰিমাপ হয় তেওঁৰ বিদায় পৰত । নিজৰ শিক্ষকতা জীৱনৰ সামৰণি মাৰি যেতিয়া এগৰাকী ভাল শিক্ষকে শিক্ষানুষ্ঠানৰ পৰা বিদায় লয়, সেই মুহূৰ্তটো শিক্ষানুষ্ঠানখনৰ পৰিয়ালৰ বাবে,স্থানীয় সমাজখনৰ বাবে অতি বেদনাদায়ক হৈ পৰে ৷ বিদ্যালয়খনত সৃষ্টি হয় এক আবেগিক গধুৰ পৰিৱেশৰ ৷ তেনে এগৰাকী আদৰ্শ শিক্ষকেই হৈছে কনক চন্দ্ৰ বৰা ।”

নগাঁও জিলাৰ চকলাঘাটৰ হাতীচোং কস্তৰবা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনক চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা জনাই বৃহস্পতিবাৰে এনেদৰে কয় খাগৰিজান শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে ৷ শিক্ষানুষ্ঠানখনৰ প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কল্যাণ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত গ্ৰাম্ভীৰ্যপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি শিক্ষা বিষয়া গৰাকীয়ে আৰু কয় যে অতীজত শিক্ষকৰ আগত “বেয়া” বোলা শব্দটো নাহিছিলেই , কিন্ত বেদনাদায়ক ভাৱে আজিকালি ভাল আৰু বেয়া দুই ধৰণৰ শিক্ষক দেখিবলৈ পাওঁ ৷

এয়া শিক্ষক সমাজখনৰ বাবে শুভ লক্ষণ নহয় ৷ সমাজত শিক্ষকৰ সন্মান শিক্ষক সকলে নিজেই বৰ্তাই ৰখা উচিত ৷ বিদ্যালয়ৰ সহ শিক্ষক বিৰাজ নাথে সাৱলীলভাৱে আঁত ধৰি আগবঢ়াই নিয়া সভাখনত অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী দেৱ কুমাৰ বৰাই কয় যে এজন আদৰ্শ শিক্ষক সমাজ এখনৰ দাপোণ স্বৰূপ ৷

অৱসৰী শিক্ষক কনক চন্দ্ৰ বৰাৰ মাজত এজন ভাল শিক্ষকৰ সকলো গুনৰাজি বিৰাজ কৰিছিল ৷ সমাজে এনেকুৱা শিক্ষক সতকাই নাপায় ৷ তেওঁৰ গীতা শ্লোক আওৰাই কয় যে কৰ্মহে মানুহৰ আচল ধৰ্ম ৷ সভাত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বৃন্দামাই দেৱী,খণ্ড সমল সমন্বয়ক পৱন জ্যোতি বৰা, প্ৰাক্তন প্ৰধান শিক্ষক প্ৰদীপ বৰা,শিক্ষক প্ৰভাত নাথকে ধৰি কেইবাগৰাকীও বক্তাই বক্তব্য ৰাখে ৷

অৱসৰী প্ৰধান শিক্ষক কনক চন্দ্ৰ বৰাক বিদ্যালয়ৰ শিক্ষক গোটৰ ফালৰ পৰা নৱ নিযুক্ত প্ৰধান শিক্ষক অনুপ নাথ , জ্যেষ্ঠ শিক্ষক তুৱানন্দ নাথ , দীপক শইকীয়া ,অনামিকা বৰাই,বিদ্যালয়ৰ পৰিচালনা সমিতিৰ হৈ উপদেষ্টা ক্ষিতেশ্বৰ বৰা , উপ সভাপতি তথা একেখন বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰুণু গায়ন বৰা,সভাপতি কল্যাণ বৰাই আৰু চকলাঘাট আঞ্চলিক ক্ৰীড়া সন্থাৰ হৈ ৰাজুমনি বৰা,সম্পাদক বিকাশ বৰা,কবিন শইকীয়া শৰাই, ধৰ্মগ্ৰন্থ, চেলেং, গামোচা, সম্বৰ্ধনাপত্ৰৰেউষ্ম বিদায় সম্বৰ্ধনা জনায় ৷

সভাত উপস্থিত থাকি অসৱৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰমণী বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক অতুল বৰকটকী,শিক্ষয়িত্ৰী সোনমাই কলিতা কুসুমবালা ভূঞা, ক্ষিৰোদ বৰা, এই বিদ্যালয়ৰ পৰা বদলি হৈ অন্য বিদ্যালয়লৈ যোৱা শিক্ষক ৰাতুল বৰা, ৰতন বৰ্মন , মজিবুৰ ৰহমান,মাননি শইকীয়া, বিদ্যালয়ৰ কৰ্মচাৰী লিলি কাকতি বৰাৰ লগতে আইমনি বৰা , জয়ন্তী দাস , মঞ্জুমনি বৰা, দিপালী বৰা ,নীলকান্ত নাথ , মিন্টু বৰা, মন্টু বৰা, দিলিপ বৰা আদি বিদায় সভাখনত উপস্থিত থাকি তেওঁক বিদায় সম্বৰ্ধণা জনায় ৷

নিজৰ ভাষণত কনক চন্দ্ৰ বৰাই বিদ্যালয়খনৰ সৈতে সংপৃক্ত হৈ থকা সুদীৰ্ঘ সময়ৰ কথা ৰোমন্থন কৰি আবেগ বিহ্বল হৈ পৰে ৷ সময়ানুৱৰ্তীতাক সদায় আগত লৈ শিক্ষকতাকে জীৱনৰ প্ৰকৃত ধৰ্ম বুলি লোৱা অৱসৰী শিক্ষক গৰাকীয়ে কয় যে আমৃত্যু লৈকে এই শিক্ষানুষ্ঠানখন, সহকৰ্মী শিক্ষকসকল, ছাত্ৰছাত্ৰীৰ মৰমৰ মুখবোৰ আৰু চকলাঘাট অঞ্চলটোক তেওঁ বুকুত বান্ধি লৈ ফুৰিব ৷

সকলোকে অনু্প্ৰাণিত কৰা নিজৰ ভাষণত তেওঁ কয় “ মই ৰিটায়াৰ্ড হে হৈছোঁ। কিন্ত টায়াৰ্ড নহঁও কেতিয়াও ৷” তেওঁ অৱসৰৰ পাছত পুনৰ বিদ্যালয়খনত নিতৌ দুটিকৈ শ্ৰেণীত শিক্ষাদান কৰি যাব বুলি কোৱাত সভাত উপস্থিত সকলোৱে হাত চাপৰিৰে আনন্দ প্ৰকাশ কৰে ৷

সভাৰ সভাপতিৰ আসনৰ পৰা কল্যাণ কুমাৰ বৰাই কয় যে কনক চন্দ্ৰ বৰা এজন স্থিতপ্ৰজ্ঞ শিক্ষক ৷ মানুহ গঢ়া কমাৰ শালৰ সু-নিপুণ কাৰিকৰ ৷ এনে এগৰাকী শিক্ষকৰ অভাৱ চকলাঘাট অঞ্চলটিয়ে বাৰুকৈয়ে অনুভৱ কৰিব ৷ শেষত বিদায় প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ নৱ নিযুক্ত প্ৰধান শিক্ষক অনুপ নাথক এখনি ফুলাম গামোচাৰে আদৰি এক আবেগিক পৰিবেশত আনুষ্ঠানিকভাৱে শিক্ষানুষ্ঠানখনৰ গুৰদায়িত্ব অৰ্পণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in