মাকৰ পৰা বিচ্ছেদিত হাতী পোৱালিৰ পুনৰ মিলন

মাকৰ পৰা বিচ্ছেদিত হাতী পোৱালিৰ পুনৰ মিলন

ডিজিটেল সংবাদ, নুমলীগড় : আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন। নুমলীগড়ত মাকৰ পৰা বিচ্ছেদ হোৱা হাতী পোৱালিৰ পুনৰ মিলন। বুধবাৰে পুৱাৰ ভাগত নুমলীগড় চাহবাগিচাৰ ৫নং বাগান লাইনত এজনী হাতীয়ে পোৱালী এটা জন্ম দিছিল ।

হাতীৰ জাকটোত প্ৰায় ৭-৮টা হাতী আছিল। কিন্তু হাতী পোৱালীটো দুৰ্বল হোৱাৰ বাবে মাকে বৃহস্পতিবাৰে পুৱা এৰি থৈ যায়। ইফালে এই বিষয়ে স্থানীয় লোকে খবৰ দিয়াত নুমলীগড় বন বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ হাতী পোৱালীটোক এটা বাগানৰ নলাৰ পৰা উঠাই আনি এটুকুৰা সমান ঠাইত মুকলি কৰি দিয়ে।

হাতী চাবলৈ অহা লোকসকলক সেই ঠাইৰ পৰা কিছু দূৰৈত অৱস্থান কৰাই, অৱশেষত পোৱালীটোৰ চিঞৰ শুনি কাষৰ ফুটুকনিত থকা মাকে আহি হাতী পোৱালীটোৰ কাষ পায়। বহু সময় ভোকত থকা পোৱালীটোৱে উদৰ পুৰাই গাখীৰ খাই সেই স্থানতে অৱস্থান কৰি থাকে।

মাকৰ পৰা বিচ্ছেদিত হাতী পোৱালিৰ পুনৰ মিলন
বগীঢলাত বন্যহস্তীৰ সন্ত্ৰাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in