গহপুৰৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা জুনু ভূঞাৰ মৃত্যু

গহপুৰৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা জুনু ভূঞাৰ মৃত্যু

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ পৌৰসভাৰ অন্তৰ্গত নিজ গহপুৰ ধেনুধৰা নিবাসী তথা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা জুনু ভূঞা(৬২)ৰ বিয়োগ। শনিবাৰে পুৱা ৪-৩৫ বজাত গুৱাহাটীত মৃত্যু হয় জুনু ভূঞাৰ।

শৈক্ষিক সেৱাৰ উপৰিও বিভিন্ন সামাজিক, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰৰ লগত নিবিড় ভাবে জড়িত এগৰাকী সৰবৰহী মহিলা হিচাপে সুপৰিচিত জুনু ভূঞাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ স্বামী তথা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল বৰুৱাৰ লগতে দুগৰাকী পুত্ৰ, এগৰাকী কন্যা আৰু এগৰাকী জোঁৱাইৰ উপৰিও বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে।

গহপুৰৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা জুনু ভূঞাৰ মৃত্যু
এম এম কে,গণশক্তি এৰিলে সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in