এম এম কে,গণশক্তি এৰিলে সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে

এম এম কে,গণশক্তি এৰিলে সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ মিচিং জনগোষ্ঠীৰ স্বাধীকাৰ প্ৰাপ্তিৰ গণতান্ত্ৰিক গণসংগ্ৰামখনৰ এগৰাকী সন্মুখৰ সৱল যোদ্ধা, মিচিং জাতীয় সংগঠনৰ অক্লান্ত নেতা তথা মিচিং মিমাগ কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে জাতীয় সংগঠনটোৰ গুৰু দায়িত্বৰ পৰা পদত্যাগ কৰিছে । মিচিং জাতীয় সংগঠন মিচিং মিমাগ কৌবাঙৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত পুৰুষোত্তম দলেয়ে একান্ত ব্যক্তিগত কাৰণত এই গুৰু দায়িত্বৰ পৰা অব্যাহতি বিচাৰি কেইবা মাহৰ পূৰ্বে কেন্দ্ৰীয় সভাপতিৰ লগতে কেন্দ্ৰীয় সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল । সেই অনুক্ৰমে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শুকুৰবাৰে গোগামুখত অনুস্থিত সভাত বিষয়টো আলোচনা কৰি সমিতিযে দলেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি জাতীয় সংগঠনটোৰ গুৰু দায়িত্বৰ পৰা সন্মানজনক অব্যাহতি দিয়ে ।

এই সন্দৰ্ভত সংগঠনটোৰ মুখ্য কাৰ্যালয় গোগামুখৰ আবুটানি লত্তা ক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ বৈঠকত দলেক অব্যাহতি দিয়াৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকতে জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব সংগঠনটোৰ অন্যতম যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংক অৰ্পণ কৰা হয় । এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল কুমাৰ পেগু , যুটীয়া সম্পাদক ক্ৰমে ইন্দ্ৰ কুমাৰ চুংক্ৰাং, ৰাজু পেগু , কাৰ্য্যালয় সম্পাদক নিম পেগু ,সদস্য দেৱ ৰঞ্জন মৰাং ,অনিল পায়েং, বাণী কান্ত দলে,দীপেন দলে , টি এম এম কেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগুৱে শুক্ৰবাৰে গোগামুখত এখন সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্ত সদৰী কৰে।

উল্লেখ্য যে মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ,সাধাৰণ সম্পাদক,মিচিং মিমাগ কৌবাংৰ দুবাৰকৈ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি নৃগোষ্ঠীৰ সাংবিধানিক অধিকাৰ গণতান্ত্ৰিক ভাৱে আজুৰি অনাৰ সুদীৰ্ঘ কাল জোৰা জাতীয় সংগ্ৰামখনক অধিক গতিশীলতা প্ৰদান কৰি যোৱা সৰ্বজন সমাদৃত নেতা পুৰুষোত্তম দলেযে সংগঠনটোৰ শীর্ষ পদবীৰ পৰা অব্যাহতি ল'লেও অনাগত সময়ত স্বগোষ্ঠীয় প্ৰাপ্য অধিকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামখনৰ প্ৰতি অধিক শ্রদ্ধাশীল হৈ পূৰ্বৰ দৰেই সেৱা আগবঢ়াই যাব বুলি সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই সদৰী কৰে।

প্ৰণিধানযোগ্য যে সদ্য পদত্যাগী দলেয়ে পৰমানন্দ চায়েঙিয়া নেতৃত্বাধীন মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাবেও নিষ্ঠাশীল কাৰ্যনিৰ্বাহ কৰি আছে ।সংগঠনটোৰ নৱ দায়িত্ব প্ৰাপ্ত সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংযে জাতীয় সংগঠনটোৰ লগতে স্বজাতিৰ সৰ্বাঙ্গীন উন্নয়ন বিকাশৰ হকে গভীৰ প্ৰত্যয়েৰে আত্মনিয়োগ কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰত্যয়েৰে জানিবলৈ দিয়ে ।

ইপিনে এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে ৰাজ্যখনৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) পদত অধিষ্ঠিত হৈ থকা পুৰুষোত্তম দলেক দলটোৰ এই গুৰু দায়িত্বৰ পৰাও অব্যাহতি দিয়া হৈছে। গণশক্তি দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰি যোৱা দলেয়ে যোৱা ২৩ জানুৱাৰীত ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত দলৰ পদৰ পৰা অব্যাহতি বিচাৰি কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল । শুকুৰবাৰে দলৰ কেন্দ্ৰীয় সমিতিৰ এক সভাই এই পদত্যাগ পত্ৰত অনুমোদন জনাই দলেক সন্মানজনক অব্যাহতি প্ৰদান কৰে । এগৰাকী আত্মোৎস্বৰ্গী জনগোষ্ঠীয় নেতাৰ এনে আকস্মিক অব্যাহতিৰ খবৰে স্বাভাৱিকতে চৰ্চাৰ বিষয় হৈছে ৰাজনৈতিক আৰু সাংগঠনিক মহলত।

এম এম কে,গণশক্তি এৰিলে সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে
'কন্যকা'ত মুখ্যমন্ত্ৰী ডা' হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in