জামুগুৰিহাটৰ অৱসৰী প্ৰধান শিক্ষক মিন্টু কটকীক বিদায় সম্বৰ্দ্ধনা

জামুগুৰিহাটৰ অৱসৰী প্ৰধান শিক্ষক মিন্টু কটকীক বিদায় সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ খেৰবাৰীস্থিত ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য অৱসৰী প্ৰধান শিক্ষক মিন্টু কটকীক বিদায় সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে বুধবাৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে এক গাম্ভীৰ্যপূৰ্ণ বিদায় সমাৰোহৰ আয়োজন কৰে । বিগত ত্ৰিশ বছৰৰো অধিক কাল ধৰি বিদ্যালয় খনত সততা আৰু নিষ্ঠাৰে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত থাকি প্ৰায় দুবছৰ পূৰ্বে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহন কৰিছিল মিন্টু কটকীয়ে৷ যি নেকি এগৰাকী দায়িত্বশীল প্ৰধান শিক্ষকৰ ভুমিকাত অৱতীৰ্ণ হৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী অভিভাৱক সকলৰ মাজত বিশেষ ভাৱেই জনপ্ৰিয় হৈ পৰিছিল৷

নিজৰ কৰ্মস্থলী ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়খনৰ আন্ত:গাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰধান শিক্ষক হিচাবে অহৰহ চেষ্টা চলাই এক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছিল। অতি মৃদু আৰু নম্ৰতাৰে সদায় নীতি নিয়মসমূহ পালন কৰি এগৰাকী আদৰ্শ বান শিক্ষকৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা অৱসৰী কৃতি শিক্ষক মিন্টু কটকীৰ আজি বিদায় অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সকলোৱেই অশ্ৰুসিক্ত নয়নৰে এক আড়ম্বৰপূৰ্ণ ভাৱে ফুলাম গামোছা,জাপি,সম্ভৰ্ধনা পত্ৰ, কলম আদিৰে বিপুল ভাৱে সম্ভৰ্ধনা জ্ঞাপন কৰে । বিদ্যালয়খনৰ প্ৰাক্তন অভিভাৱক সমিতিৰ সভাপতি পদুম শইকীয়াই পৌৰহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয় খনৰ শিক্ষক নাৰায়ণ শৰ্মাই৷

সহকাৰী শিক্ষক মহেন্দ্ৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰি সভাত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক মিন্টু নাথ, দিগন্ত ভুঞা, বাণীকান্ত দাস আৰু অজিত শইকীয়াই অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গৰাকীৰ কৰ্ম্মময় জীৱনৰ ওপৰত আলোকপাত কৰে৷ বক্তা সকলে মিন্টু কটকী এগৰাকী আদৰ্শবান, কৃতি শিক্ষক,সুপ্ৰশাসক আছিল বুলিও উল্লেখ কৰে । এই বিদায়ী সমাৰোহত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ গীত নৃত্য আদিও পৰিৱেশন কৰে ।

জামুগুৰিহাটৰ অৱসৰী প্ৰধান শিক্ষক মিন্টু কটকীক বিদায় সম্বৰ্দ্ধনা
চিলাপথাৰৰ কাৰেং চাপৰিত নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in