চিলাপথাৰৰ কাৰেং চাপৰিত নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ

অহা ৪,৫,৬ আৰু ৭ ফেব্ৰুৱাৰীত চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হ'ব নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ। বগীবিল দলঙৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ সুন্দৰ বালিময় চাপৰিৰ নৈসৰ্গিক পৰিৱেশত আয়োজিত মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
 চিলাপথাৰৰ কাৰেং চাপৰিত নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ

ডিজিটেল সংবাদ, চিলাপথাৰঃ অহা ৪,৫,৬ আৰু ৭ ফেব্ৰুৱাৰীত চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হ'ব নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ। বগীবিল দলঙৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ সুন্দৰ বালিময় চাপৰিৰ নৈসৰ্গিক পৰিৱেশত আয়োজিত মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সংস্কৃতি চহকী মিচিং সকলৰ কলা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লগতে জীৱন জীৱিকাৰ উত্তৰণৰ মহৎ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই বিশাল মহোৎসৱ।

Advertisment

মহোৎসৱৰ প্ৰস্তুতিত দিনে নিশাই ব্যস্ত হৈ পৰিছে হেজাৰোধিক স্বেচ্ছাসেৱক । ৰাইজে দিয়া বাঁহ কাঠেৰে নিৰ্মাণ কৰা হৈছে দৃষ্টিনন্দন তোৰণ, মঞ্চ,শিবিৰ,বিশাল প্ৰেক্ষাগৃহ, বাঁহৰ দলঙৰ পৰা আটকধুনীয়া selfi point লৈকে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

মহোৎসৱত অনুষ্ঠিত হ'ব মিছিং সকলৰ বিভিন্ন গীত নৃত্য,বাদ্যৰ লগতে পৰম্পৰাগত খেলা ধূলাৰ প্ৰতিযোগিতা। জনপ্ৰিয় সংগীত দলৰ অনুষ্ঠানেৰে উত্তাল হৈ ৰ'ব প্ৰতিটো নিশা। প্ৰদৰ্শিত হ'ব মিচিং চহা জনজীৱন আৰু জীৱিকাৰ সৈতে জড়িত বিভিন্ন বাদ্য যন্ত্ৰৰ লগতে কৃষি সজুঁলি। অনুষ্ঠিত হ'ব ৰং বিৰঙি জনগোষ্ঠীয় সাজ পোছাকৰ প্ৰদৰ্শনী।

কৃষিনিৰ্ভৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ দিশৰ প্ৰতি নজৰ ৰাখি অনুষ্ঠিত হ'ব কেইবালানিও মনোজ্ঞ আলোচনাচক্ৰ। ভাগ ল'ব বহু বৰেণ্য শিক্ষাবিদ,সমাজ কৰ্মী,আদৰ্শ কৃষক আৰু বুদ্ধিজীৱীয়ে।

মহোৎসৱত লক্ষাধিক লোকৰ সমাগম প্ৰত্যাশা ৰাখিছে আয়োজক সমিতিয়ে। ইতিমধ্যে কেইবাহাজাৰ প্ৰতিনিধিয়ে অনলাইন যোগে অনুষ্ঠানত ভাগ ল'বলৈ যোগাযোগ কৰিছে।অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়ক সমন্বিতে ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিক মহোৎসৱলৈ আমন্ত্ৰণ জনাইছে। বিশাল মহোৎসৱত অংশ গ্ৰহণ কৰি কাৰ্য্যসূচী সফল কৰি তুলিবলৈ সকলোকে গোহাৰি জনাইছে আয়োজক সমিতিয়ে।

Also Read: গুৰুজনাৰ জন্মস্থানৰ ঐতিহ্যমণ্ডিত হাটীপুখুৰীত দুষ্পাপ্য বৰকাছ

mising youth festival Mising Autonomous Council