গহপুৰত আয়োজন কৰা বিহুৱতী ফটো প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

শুকুৰবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰি বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়
গহপুৰত আয়োজন কৰা বিহুৱতী ফটো প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটেল সংবাদ, ছয়দুৱাৰ : ৰঙালী বিহু উপলক্ষে গহপুৰৰ এটা ব্যক্তিগত সংবাদ সংস্থাই আয়োজন কৰা বিহুৱতী ফটো প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। সংবাদ পৰিবেশনৰ উপৰিও বিভিন্ন সামাজিক কাম-কাজৰ জৰিয়তে দৰ্শক ৰাইজৰ আস্থাভাজন হৈ অহা সংবাদ সংস্থাটিয়ে ৰঙালী বিহু উপলক্ষে আয়োজন কৰা বিহুৱতীৰ ফটো প্ৰতিযোগিতাৰ ফলাফল শুকুৰবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰি বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

জানিবলৈ দিয়া মতে সমগ্ৰ বিশ্বনাথ জিলাৰ সংবাদ সংস্থাটিয়ে ৰঙালী বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰিছিল বিহুৱতীৰ ফটো প্ৰতিযোগিতা। যোৱা ৯ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে পৰম্পৰাগত বিহুৰ সাজত অনুস্থিত কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰায় এহাজাৰৰো অধিক প্ৰতিযোগীয়ে ৷

এই প্ৰতিযোগীতাৰ মাজত সকলোকে চেৰ পেলাই লাইক আৰু কমেন্টৰ ভিত্তিত জিলিকি উঠিল তিনিগৰাকী সৌভাগ্যবান প্ৰতিযোগী ৷ অত্যাধিক লাইক আৰু কমেন্টৰ জড়িয়তে প্ৰথম পুৰস্কাৰ আজুৰি আনিলে গহপুৰৰ ডিলাপখৰাৰ বৰ্ষা দলে ৷

অসমীয়া বিহু সাজত জিলিকি উঠা বৰ্ষাক এখনি মান প্ৰত্ৰ আৰু নগদ ধনৰ টোপোলা আগবঢ়াই গহপুৰ নগৰৰ ঔষধ বিক্ৰীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মাৰুতি মেডিকেলৰ স্বত্বাধিকাৰী অনুপ আগৰৱালাই ৷ লগতে প্ৰথম পুৰস্কাৰ প্ৰাপ্ত বৰ্ষা দলেক নগদ ধনৰ মাননিৰে সন্মান জনাই গহপুৰৰ প্ৰতিষ্ঠিত মোবাইল প্ৰতিষ্ঠান হটলাইন মোবাইলে ৷

সংবাদ সংস্থাটিয়ে আয়োজন কৰা বিহুৱতী সাজৰ ফটো প্ৰতিযোগিতাৰ দ্বিতীয় বিজয়ীৰ খিতাপ লাভ কৰিলে গহপুৰৰ গোপালপুৰৰ দিক্ষীতা ভূঞাই ৷ দিক্ষীতা ভূঞাক এখন মানপত্ৰৰ লগতে নগদ ধনৰ টোপোলা আগবঢ়াই বৰঙাবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰ লাল আগৰৱালাই ৷

আনহাতে তৃতীয় স্থান লাভ কৰে নাৰায়ণপুৰৰ চয়নিকা শইকীয়া ৷ চয়নিকা শইকীয়াক এখন মানপত্ৰৰ লগতে নগদ ধনৰ উপহাৰ আগবঢ়াই গহপুৰ নগৰৰ প্ৰথমখন মোবাইল ফোন বিক্ৰী প্ৰতিষ্ঠান অগ্নিভ কম্পিউটেকে। এই তিনিয়োগৰাকী প্ৰতিযোগীক সংবাদ সংস্থাটিৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সংবাদ সংস্থাটিৰ এডমিন নৱজীৎ শইকীয়া আৰু বিশ্বজ্যোতি সেনাপতিয়ে উক্ত প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক অভিনন্দন জ্ঞাপন কৰে।

গহপুৰত আয়োজন কৰা বিহুৱতী ফটো প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
কবি দিবাকৰ ৰেণুৰ বিয়োগত দল-সংগঠনৰ গভীৰ শোক প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in