/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/49a7caa1-a1b0-40a5-b15e-dd11d0b913a6/dibakar.jpg)
ডিজিটেল ডেস্কঃ শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লোৱা নতুন প্ৰজন্মৰ প্ৰতিভাধৰ কবি, ঔপন্যাসিক, সংগঠক, শিক্ষক দিবাকৰ ৰেণুৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ গভীৰ শোক প্ৰকাশ। প্ৰতিভাধৰ কবি দিবাকৰ ৰেণুৰ বিয়োগত শোক প্ৰকাশ কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিত কয় "অকালতে আমি হেৰুৱালো এজন উজ্জ্বল সাহিত্যৰ নক্ষত্ৰক । এগৰাকী সু কবি লগতে সাহিত্যানুষ্ঠানৰ সংগঠক হিচাপে সুনাম থকা দিবাকৰ ৰেণুৰ অকাল বিয়োগে সাহিত্যক্ষেত্ৰখনৰ যথেষ্ট ক্ষতি কৰিলে ।"
কবি, সাহিত্যিক দিবাকৰ ৰেণুৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহ: সম্পাদক মীনাক্ষী সিনহা, অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা প্ৰথিতযশা কবি ড০ মৰমী বৰঠাকুৰ তালুকদাৰ, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা জ্যোৎস্না নাথ, পৰাগজ্যোতি প্ৰকাশন, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে ।
আনহাতে দিবাকৰ ৰেণুৰ বিয়োগত সকলোৱে একেমুখে কবিগৰাকীৰ প্ৰতি শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
Also Read: উইলমাৰ জৰ্ডান গীলৰ হেটট্ৰিকঃ নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ছেমি ফাইনেলত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us