অষ্ট্ৰীয়াত সফলতা অৰ্জন কৰা গহপুৰৰ যশোৱন্ত মহন্তৰ জন্মভূমিত আন এক যাত্ৰাৰ আৰম্ভণি

ব্যক্তিৰ পৰা সমষ্টিলৈ গুছি যাব পৰা মানুহজন এগৰাকী সু-প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ী হিচাপে পৰিচিত সাত সাগৰ তেৰ নদীৰ সিপাৰে।
অষ্ট্ৰীয়াত সফলতা অৰ্জন কৰা গহপুৰৰ  যশোৱন্ত মহন্তৰ জন্মভূমিত আন এক যাত্ৰাৰ আৰম্ভণি

ডিজিটেল সংবাদ, ছয়দুৱাৰ:-ব্যক্তিৰ পৰা সমষ্টিলৈ গুছি যাব পৰা মানুহজন এগৰাকী সু-প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ী হিচাপে পৰিচিত সাত সাগৰ তেৰ নদীৰ সিপাৰে।গহপুৰৰ চন্দামাৰী বঙালীৰ দৰে এখন পিছপৰা গাঁৱত ডাঙৰ-দীঘল হোৱা মানুহজন ব্যৱসায় সুত্ৰে স্থিতপ্ৰজ্ঞৰ দৰে জিলিকি আছে অষ্টিয়াৰ মাটিত।

গান্ধী দৰ্শনক চেতনাৰ গোলাপ জল বুলি ভাবি এই গোলাপ জলত গা নোৱাই ৰাষ্ট্ৰ,ধৰ্ম,জাতি-বৰ্ণ অতিক্ৰম কৰি এক অৰ্থত প্ৰৱাসী অসমীয়া হিচাপে অষ্ট্ৰীয়াৰ পৰ্য্যটন আৰু উদ্যোগ ক্ষেত্ৰত সু-প্ৰতিষ্ঠিত হৈ ছহিদ কনকলতা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত গহপুৰৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈ আহিছে মানুহজনে।হোটেল ব্যৱসায়ৰ দৰে মধুময় ক্ষেত্ৰখনৰ মাজত প্ৰাপ্তি, প্ৰত্যাশা,হাঁহি, বিশ্বাস আৰু জীয়াই থকাৰ মাদকতা বিচাৰি পোৱা কৰ্ম সংস্কৃতিবান লোকজন হৈছে যশোৱন্ত মহন্ত।

গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত টকৌবাৰীৰ চন্দামাৰী বঙালী নিবাসী তথা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত হৰেন্দ্ৰ নাথ মহন্ত আৰু চন্দ্ৰমা মহন্তৰ সুযোগ্য সন্তান যশোবন্ত মহন্ত অষ্ট্ৰীয়াত প্ৰতিষ্ঠিত । কিন্তু শিপা পাহৰি নগৈ জন্ম ভূমিৰ বাবে কিবা এটা কৰাৰ হেপাঁহেৰে পুহি ৰখাৰ সপোনে আজি পাইছে বাস্তৱ ৰূপ।

জীৱন যাত্ৰাৰ সকলো প্ৰাত্যাহিক তুচ্ছতাক অতিক্ৰম কৰি কৃতকাৰ্যতাৰে জীৱনৰ জয়গান গাই ভাল পোৱা যশোৱন্ত মহন্তই তেওঁৰ "হেলেম হেল্থ প্ৰজেক্ট"ৰ জৰিয়তে চন্দামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰম্ভ কৰা চিকিৎসালয়খনৰ লগত আজিৰে শুভাৰম্ভ কৰিছে "Yaso's Food Court" নামেৰে অত্যাধুনিক সা-সুবিধাৰ এখন বিলাসী ৰেষ্টুৰেণ্টৰ।সেই অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উক্ত ৰেষ্টুৰেণ্টখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

যশোৱন্ত মহন্তৰ এটি আদৰণি ভাষণেৰে আৰম্ভ কৰা শুভ আৰম্ভণি অনুষ্ঠানটোত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে-এক নং চন্দামাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা শৈক্ষিক যাত্ৰা আৰম্ভ কৰা যশোৱন্ত মহন্তই নিজৰ কেৰিয়াৰৰ বাবে অষ্ট্ৰিয়াত অৱতৰণ কৰাটো বহু কষ্ট সাধ্য আছিল যদিও দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেহে অষ্টীয়াৰ দৰে ঠাইত সপোনে পোখা মেলিছিল যশোৱন্ত মহন্তৰ।

আন চাৰিজন ভাই-ভনীৰ সৈতে ডাঙৰ-দীঘল হোৱা যশোৱন্ত মহন্তক পৰিয়ালটোৰ সেই সময়ৰ অৰ্থনৈতিক অৱস্থাই সকলো সপোন পূৰণৰ বাবে ডাঙৰ বাধা হৈ থিয় দিছিল যদিও তেওঁৰ অদম্য সাহসে অসাধ্যকো সাধ্য কৰি তুলিবলৈ সক্ষম হৈছিল।১৯৮৪ চনত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মহন্তই মাদ্ৰাজত তিনি বছৰীয়া হোটেল মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰিবলৈ এন ই চিৰ পৰা মাহেকীয়া বৃত্তি লাভ কৰিছিল।‌সেইটো আছিল তেওঁৰ হোটেল আৰু পৰ্যটন উদ্যোগৰ কেৰিয়াৰৰ বাবে এক মাইলৰ খুঁটি।

নজনা কথাটো শিকিবলৈ কেতিয়াও সংকোচ নকৰা যশোৱন্ত মহন্তই ১৯৮৮ চনত হাতত প্ৰায় টকা নোহোৱাকৈয়ে উচ্চ শিক্ষাৰ বাবে অষ্ট্ৰিয়ালৈ ৰাওনা হৈছিল। ভাষা আৰু মৌলিক ধন অবিহনে জাৰ্মান ভাষা ভাষী দেশখনত জীৱন যাত্ৰা আৰম্ভ কৰাতো অত্যন্ত কঠিন আছিল যদিও এইক্ষেত্ৰত তেওঁ কেতিয়াও হাৰ নামানি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে অবিৰতভাৱে কাম কৰি গৈছিল।তেওঁ "ক্লেছহাইম ছালজবাৰ্গ অষ্ট্ৰিয়া"ত পৰ্যটন আৰু হোটেল ব্যৱস্থাপনাত স্নাতকোত্তৰ অধ্যয়‌ন কৰাৰ পিছত ইউৰোপৰ বহু ৰেষ্টুৰেণ্ট আৰু হোটেলত কৰ্মচাৰী হিচাপে কাম কৰিবলৈ লয়।

তেওঁৰ পেছাদাৰী কেৰিয়াৰৰ সময়ছোৱাত তেওঁ লং আইলেণ্ড,নিউ ইৰ্য়কত ব্যক্তিগত চেফ হিচাপে ৰাজকুমাৰী য়েছমিন আগাখানৰ বাবে কাম কৰাৰ সুযোগ পাইছিল। ২০০২ চনত মহন্তই অষ্ট্ৰিয়ান হোটেল এছ'চিয়েচনৰ দ্বাৰা মাষ্টাৰ চেফ হিচাপেও সন্মানিত হয় আৰু ই তেওঁৰ দীৰ্ঘদিনীয়া কেৰিয়াৰৰ অন্যতম উল্লেখযোগ্য দিশ আছিল।২০০৩ চনৰ পৰা যশোৱন্ত মহন্তই অষ্ট্ৰিয়াত নিজৰ ৮০খন বিচনাযুক্ত হোটেল আৰু ৰেষ্টুৰেণ্টৰ সৈতে নিজাকৈ ব্যৱসায় আৰম্ভ কৰি অষ্ট্ৰীয়াৰ মাটিত এগৰাকী অসমীয়া ব্যৱসায়ী হিচাপে সু-প্ৰতিষ্ঠিত হয়।

বৰ্তমান তেওঁ লিচেনষ্টেইনৰ ভাডুজত ব্যৱসায়ৰ সৈতে এজন প্ৰতিষ্ঠিত উদ্যোগী ( অষ্ট্ৰিয়া আৰু ছুইজাৰলেণ্ডৰ মাজৰ এখন সৰু দেশ)হিচাপে সমাদৃত।যশোৱন্ত মহন্ত বৰ্তমান তেওঁৰ ‌পৰিয়ালৰ সৈতে অষ্ট্ৰিয়াত থাকিলেও শিপা পাহৰি যোৱা নাই। তেওঁৰ পত্নী ৰীতা মহন্তৰো জন্ম চন্দামাৰী বঙালী গাঁৱত।যশোৱন্ত মহন্তৰ দুগৰাকী ‌সন্তানৰ ভিতৰত পুত্ৰ সুশান্ত মহন্ত অক্সফৰ্ড বিশ্ববিদ্যালয় (ইংলেণ্ড)ৰ শাৰীৰিক শিক্ষা বিভাগৰ পি এইচ ডিৰ ছাত্ৰ।জীয়ৰী নাটাছা মহন্তই জাৰ্মানীৰ মিউনিখ(Munich)ৰ পৰা চিকিৎসা বিজ্ঞানৰ অধ্যয়ন সম্পূৰ্ণ কৰি চুইজাৰলেণ্ডৰ জুৰিখত সহকাৰী চিকিৎসক ( স্নায়ুৰোগ ) হিচাপে চিকিৎসা সেৱা আগবঢ়াই আছে।যশোৱন্ত মহন্তৰ এটি সপোন হ'ল অসমত থকা নিজৰ গাঁৱৰ মানুহখিনিৰ বাবে কিবা এটা অৰ্থপূৰ্ণ কাম কৰি নিজৰ অভিজ্ঞতাৰে থলুৱা জাতি- জনগোষ্ঠীক কৰ্মমুখী কৰি আগবঢ়াই‌ নিয়া।

তেওঁৰ প্ৰকল্প "Helemhealth" তেওঁৰ অন্যতম দৃষ্টিভংগী আৰু ৰেষ্টুৰেণ্ট "yaso's food court" অঞ্চলটোত এটা নতুন গেষ্ট্ৰ'নমি ধাৰণা প্ৰৱৰ্তনৰ এক পৰীক্ষা বুলি যশোৱন্ত মহন্তই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।আজিৰ এই শুভ আৰম্ভণি অনুষ্ঠানটোত সংগীতৰ এক মায়াসনা পৰিৱেশে সমগ্ৰ পৰিৱেশটো ৰোমাঞ্চিত কৰি তোলে।

আৰু পঢ়ক: ভাড়ালৈ চিকিৎকৰ আৱাস গৃহ! উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in