ভাড়ালৈ চিকিৎকৰ আৱাস গৃহ! উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ...

৩১ ডিচেম্বৰৰ নিশা লামডিঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। লামডিঙৰ স্বাস্থ্যকেন্দ্ৰৰ চিকিৎকৰ আৱাস গৃহত বনকৰা কিশোৰীৰ ৰহস্যজনক আত্মহত্যাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।
ভাড়ালৈ চিকিৎকৰ আৱাস গৃহ! উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ...

ডিজিটেল সংবাদ, লামডিং: ৩১ ডিচেম্বৰৰ নিশা লামডিঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। লামডিঙৰ স্বাস্থ্যকেন্দ্ৰৰ চিকিৎকৰ আৱাস গৃহত বনকৰা কিশোৰীৰ ৰহস্যজনক আত্মহত্যাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।

লামডিং বালুনালাৰ স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত community Health Officer (CHO) হিচাপে নিয়োজিত থকা নীলম পাগাৰ চৰকাৰী আৱাস গৃহত ডিঙিত চিপ লৈ থকাৰ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ ।

উল্লেখ যে চিকিৎসক পাগায়ে অবৈধভাৱে নিজৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ আৱাস গৃহটো লামডিঙৰ স্মিতা শৰ্মা নামৰ এগৰাকী শিক্ষয়িত্ৰীক ভাড়ালৈ দিছিল।

যোৱা তিনিবছৰৰ পৰা ভাড়াতীয়া হিচাপে থকা শিক্ষয়ত্ৰী গৰাকীয়ে বালুনালাৰ লালাচৰাইৰ এগৰাকী কিশোৰীক ঘৰৰ বনকৰা হিচাপে ৰাখিছিল। ১৫ বছৰীয়া কিশোৰী গৰাকীয়ে নিশা ঘৰৰ ভিতৰৰে ৰান্ধনীঘৰত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হোৱাৰ লগতে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীও উপস্থিত হয়হি । লামডিং আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি লামডিং থানালৈ লৈ নিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তদুপৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

আৰু পঢ়ক: কিহৰ বাবে প্ৰেমিক-প্ৰেমিকাই বাছি ল'লে চৰম সিদ্ধান্ত? উদ্ধাৰ দুয়োৰে মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in