দুমাহে বংগ, বিহাৰৰ পৰা অহা নাই ব্ৰইলাৰঃ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মূল্য...

দুমাহে বংগ, বিহাৰৰ পৰা অহা নাই ব্ৰইলাৰঃ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মূল্য...

ডিজিটেল ডেস্কঃ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ব্ৰইলাৰ মাংস আৰু মাছৰ মূল্য। কিছুদিন আগলৈকে গুৱাহাটীত ১ কেজি কাটা ব্ৰইলাৰ মাংসৰ মূল্য আছিল ২৬০ টকাৰ পৰা ২৮০ টকা। কিন্তু হঠাৎ এই মূল্য বৃদ্ধি হৈ এতিয়া প্ৰতি কিলোগ্ৰাম কাটা ব্ৰইলাৰ মাংসৰ মূল্য ৩৪০ টকা হৈছেগৈ।

সেইদৰে মাছৰ মূল্যও প্ৰতি কিলোগ্ৰামত ৬০ ৰ পৰা ৮০ টকা বৃদ্ধি পাইছে। ৰঙালী বিহুৰ মাজতে এইদৰে মাছ, মাংসৰ মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ কি? আজিৰ পৰা প্ৰায় ২ মাহৰ আগত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰিছিল এক নিৰ্দেশনা।

সেই নিৰ্দেশনা অনুসৰি পশ্চিমবংগকে ধৰি বহিঃৰাজ্যত দেখা দিয়া বাৰ্ড ফ্লু ৰোগৰ বাবে অসমলৈ বহিঃৰাজ্যৰ ব্ৰইলাৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত বাতৰি প্ৰকাশ পাইছিল কিদৰে বহিঃৰাজ্যৰ পৰা শ্ৰীৰামপুৰ মাজেৰে অসমলৈ ব্ৰইলাৰ কঢ়িওৱা গাড়ী পাৰ হ'বলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে জব্দ কৰিছিল।

একেদৰে নদী পথেৰেও অসমলৈ কঢ়িয়াই অনা বহু ব্ৰইলাৰ জব্দ কৰা হৈছিল। প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশৰ বাবেই শ্ৰীৰামপুৰত আৱদ্ধ হৈ আছিল অসমৰ পৰা যোৱা বহু কেইখন বাহন।

বিগত ২ মাহে ৰাজ্যলৈ অহা নাই বহিঃৰাজ্যৰ ব্ৰইলাৰ। অৱশ্য তাৰ মাজতে কুকুৰা পালক সন্থাই কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগৰ চৰকাৰক ব্ৰইলাৰ সৰবৰাহৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আহিছে।

কিন্তু এই পৰ্যন্ত এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। কুকুৰা পালক সন্থাৰ বিষয়ববীয়া মদন মোহনে এই সন্দৰ্ভত কয়, সীমান্ত বন্ধ হৈ থকাৰ বাবেই বিগত মাত্ৰ ১০ টা দিনত ক্ষতি হৈছে ৫০০ কোটি টকা।

ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়াৰ ফলত কেৱল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়, মিজোৰাম, নাগালেণ্ড আদিলৈও ব্ৰইলাৰ প্ৰেৰণ কৰিব পৰা নাই এই কুকুৰা পালকসকলে। উল্লেখ্য যে, অসমৰ ব্ৰইলাৰ বজাৰখনৰ ৪০ শতাংশই দখল কৰি আছে পশ্চিমবংগৰ কুকুৰা পালকে।

চাহিদা অনুসৰি অসমত বিগত ১৫ বছৰে পশ্চিমবংগৰ কুকুৰা পালক তথা ব্যৱসায়ীসকলে ৪০ শতাংশ যোগান ধৰি আহিছে। কেৱল সেয়াই নহয়, অসমৰ কুকুৰা পালকসকলকো বংগৰ এই কুকুৰাপালকসকলে সহায়, সহযোগিতা কৰি আহিছে বুলি দাবী কৰিছে।

কুকুৰা পালক সন্থাৰ বিষয়ববীয়া মদন মোহনৰ দাবী ঝাৰখণ্ড আৰু বিহাৰত বাৰ্ড ফ্লু ঘোষণা হোৱাৰ ২ মাহ পূৰ্বেই অসম চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰিয়েই পশ্চিমবংগৰ বৰ্ডাৰ চিল কৰি দিয়া হৈছে।

তেওঁৰ দাবী দেশৰ বাৰ্ড ফ্লু আইন অনুসৰি কেৱল কুকুৰাই নহয়, কুকুৰাৰ খাদ্য, পোৱালি আৰু কণীও সৰবৰাহ বন্ধ কৰিব লাগে। কিন্তু অসম চৰকাৰে কেৱল জীৱন্ত মুৰ্গী সৰবৰাহতহে নিষেধাজ্ঞা জাৰি কৰিছে।  

দুমাহে বংগ, বিহাৰৰ পৰা অহা নাই ব্ৰইলাৰঃ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মূল্য...
প্ৰধানমন্ত্ৰীয়ে শিশুক সুধিলে, তোমালোক প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰানে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in