প্ৰধানমন্ত্ৰীয়ে শিশুক সুধিলে, তোমালোক প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰানে...

প্ৰধানমন্ত্ৰীয়ে শিশুক সুধিলে, তোমালোক প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰানে...
প্ৰধানমন্ত্ৰীয়ে শিশুক সুধিলে, তোমালোক প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰানে...

ডিজিটেল ডেস্কঃ'তোমালেক প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰানে?' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই প্ৰশ্ন কৰিলে কেইবাটাও শিশুক। কৰ্ণাটকত অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ। ৰাজ্যখনত এতিয়া চলি আছে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনীৰ বতাহ।

তাৰ মাজতে বিজেপিক এক্সট্ৰা মাইলেজ দিবলৈ ভোটমুখী কৰ্ণাটকত উপস্থিত হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা আৰু ৰেলীত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।এনে প্ৰচাৰৰ মাজতে মংগলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে কালবুৰ্গিত শিশুৰ সৈতে মগ্ন হৈ পৰা পৰিলক্ষিত হয়।

তেওঁ শিশুক উদ্দেশ্যি প্ৰশ্ন কৰি কয়, তোমোলাকে দেশৰ প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰানে? প্ৰধানমন্ত্ৰীৰ মোডীৰ এই প্ৰশ্নত এটা শিশুৱে হাত দাঙি কয়, সি হেনো প্ৰধানমন্ত্ৰী মোডীৰ দৰেই হ’ব বিচাৰে।

এক ৰোড শ্ব’ত অংশলোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক কাষতে পোৱাত একাংশ শিশুৱে তেওঁৰ নাম লৈ জয় ধ্বনি দিয়ে। তাকে দেখি প্ৰধানমন্ত্ৰী মোডীয়ে হাঁহি হাঁহি শিশু কেইটাৰ কাষলৈ গৈ কিছু সময় অতিবাহিত কৰে আৰু এইদৰে প্ৰশ্ন কৰে।

তেওঁ শিশুসকলৰ পৰা জানিব বিচাৰে তেওঁলোকে পঢ়াশুনা কৰিছেনে নাই। উল্লেখ্য, অহা সপ্তাহত কৰ্ণাটক ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। শেষ মুহূৰ্তত প্ৰচাৰত নামি পৰিছে সকলো ৰাজনৈতিক দল।

বিজেপিৰ প্ৰাৰ্থীক এই নিৰ্বাচনত বিজয়ী কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু হেভিৱেইট লোকে প্ৰচাৰ কাৰ্যত নামি পৰিছে। মঙ্গলবাৰৰ প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী প্ৰচাৰ সভাচ দেখা গৈছিল সমৰ্থকৰ উল্লাস। ৰোড শ্ব’ত অংশ লৈছিল হাজাৰ হাজাৰ লোকে।

প্ৰধানমন্ত্ৰীয়ে শিশুক সুধিলে, তোমালোক প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰানে...
আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ ১১ হাজাৰৰো অধিক পদৰ নিযুক্তিৰ ফলাফল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in