জিলা পৰ্যায়ত স্কুল পৰিদৰ্শক আৰু একাংশ প্রাথমিক শিক্ষা বিষয়াক ৰদবদল

জিলা পৰ্যায়ত স্কুল পৰিদৰ্শক আৰু একাংশ প্রাথমিক শিক্ষা বিষয়াক ৰদবদল

ডিজিটেল ডেস্ক : জিলা পৰ্যায়ত স্কুল পৰিদৰ্শক আৰু একাংশ প্রাথমিক শিক্ষা বিষয়াক ৰদবদল কৰা হৈছে। শুকুৰবাৰে শিক্ষা বিভাগৰ এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ পায়।

প্ৰকাশিত নিৰ্দেশনা অনুসৰি, নলবাৰীৰ প্রাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাক গোলাঘাটৰ প্রাথমিক শিক্ষা বিষয়া হিচাপে বদলি কৰা হৈছে। শোণিতপুৰৰ স্কুল পৰিদৰ্শক তথা জিলা প্রাথমিক শিক্ষা বিষয়া প্রভাত দাসক নগাঁৱৰ স্কুল পৰিদৰ্শক আৰু জিলা প্রাথমিক বিষয়া হিচাপে বদলি কৰা হৈছে।

একেদৰে নগাঁৱৰ স্কুল পৰিদৰ্শক মৃদুল নাথক তিনিচুকীয়ালৈ বদলি কৰা হৈছে। ধেমাজিৰ স্কুল পৰিদৰ্শক আৰু শিক্ষা বিষয়া কবিতা ডেকাক তিনিচুকীয়ালৈ বদলি কৰে। তিনিচুকীয়াৰ স্কুল পৰিদৰ্শক বিতোপন হাজৰিকাক ধেমাজিলৈ বদলি কৰা হৈছে।

আনহাতে গোলাঘাটৰ শিক্ষা বিষয়া ড০ সমীৰণ বৰাক ডিব্রুগড়লৈ বদলি কৰে। কাছাৰৰ শিক্ষা বিষয়া ছেমিনা য়াছমিন আৰা ৰহমানক হাইলাকান্দিলৈ বদলি কৰি নিয়ে। ডিব্রুগড়ৰ শিক্ষা বিষয়া বিন্তি শৰ্মাক চৰাইদেউৰ শিক্ষা বিষয়া হিচাপে বদলি কৰা হয়।

ইফালে নলবাৰী স্কুল পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াক নলবাৰীৰ অতিৰিক্ত শিক্ষা বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰা হয় বুলি নিৰ্দেশনাত প্ৰকাশ পায়।

জিলা পৰ্যায়ত স্কুল পৰিদৰ্শক আৰু একাংশ প্রাথমিক শিক্ষা বিষয়াক ৰদবদল
ষট্ পূজা উপলক্ষে যাত্ৰীৰ বাবে ১৫খন বিশেষ ৰে'লৰ সুবিধা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in