ষট্ পূজা উপলক্ষে যাত্ৰীৰ বাবে ১৫খন বিশেষ ৰে'লৰ সুবিধা

তিনিচুকীয়াৰ পৰা বহিঃৰাজ্যলৈ ৩খন নতুন ৰে'ল
ষট্ পূজা উপলক্ষে যাত্ৰীৰ বাবে ১৫খন বিশেষ ৰে'লৰ সুবিধা

ডিজিটেল সংবাদ,লামডিং : প্ৰতিকূল বতৰকো নেওচি শুকুৰবাৰে লামডিং ৰেলৱে জংচনত হঠাৎ আহিল ৰেলৱে বিষয়াৰ এটা পৰিদৰ্শনৰ দল। ষট্ পূজাৰ উপলক্ষে আজি সন্ধিয়া লামডিং ৰেলৱে ষ্টেচনৰ পৰিদৰ্শন কৰিবলৈ ৰেলৱে মণ্ডলীক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰ, জেষ্ঠ্য মণ্ডলীক বাণিজ্যিক প্ৰবন্ধক কপিঞ্জল কিশোৰ শৰ্মা,চিনিয়ৰ ডি এম ই সুলভ বিষ্ট, সহ আৰ পি এফ সহকাৰী আৰক্ষী অধীক্ষক গৰাকী তথা আৰক্ষী প্ৰশাসন উপস্থিত হয়হি।

অহা শনি আৰু দেওবাৰে সমগ্ৰ ভাৰতবৰ্ষ লগতে অসমতো পালন কৰিব ষট্ পূজা । সেই উপলক্ষে আজি সন্ধিয়া প্ৰবন্ধকগৰাকীয়ে ৰেল ষ্টেচন পৰিদৰ্শন কৰাৰ লগতে যাত্ৰীবাহী ৰেল পৰিদৰ্শন কৰে ।

ডিব্ৰগড় লালগড়-অবোধ আচাম এক্সপ্ৰেছ খনৰ সাধাৰণ দবা আৰু শীতল দবাত যাত্ৰীৰ সৈতে মত বিনিময় কৰে । ৰেলখনৰ শৌচলয়,সংৰক্ষিত আসন, টিকট, বেদ ৰোল আদি নিৰীক্ষণ কৰাৰ লগতে ৰেলত যাত্ৰীসকলে কোনো ধৰণৰ সমস্যা সন্মুখীন হ'লে ৰেল বিভাগক অৱগত কৰাৰ লগতে ৰেলত যদি কোনো যাত্ৰীয়ে সুৰা তথা ধুমপান কৰে তেনে ক্ষেত্ৰত কৰ্মৰত আৰ পি এফ জোৱান সকলক অৱগত কৰিবলৈও অনুৰোধ জনায়।

আনফালে ষট্ পূজা উপলক্ষে অসমৰ পৰা বহি:ৰাজ্য লৈ যাত্ৰা কৰা যাত্ৰী সকলৰো খবৰ লোৱাৰ লগতে শুভেচ্ছা বাৰ্তা জনায় । ইয়াৰোপৰি পূজাৰ বাবে যাত্ৰীসকলৰ সুবিধাৰ্থে মুঠ ১৫ খন বিশেষ ৰেল চলাচল কৰোৱাৰ লগতে বহি:ৰাজ্যলৈ তিনিচুকীয়া পৰা গৌৰখপুৰ,ডিব্ৰগড়ৰ পৰা গৌৰখপুৰ আৰু নিউ তিনিচুকীয়া পৰা মধুবানী লৈ তিনিখনকৈ নতুন ৰেলসেৱা মুকলি কৰে । যাত্ৰীৰ সুবিধাৰ্থে দৈনিক চলাচল কৰা কেইবাখনো ভাৰতীয় ৰেলত নতুনকৈ দবা সংযোগ কৰিছে বুলিও জানিবলৈ দিয়ে মাণ্ডলিক প্ৰৱন্ধকগৰাকীয়ে ৷

ষট্ পূজা উপলক্ষে যাত্ৰীৰ বাবে ১৫খন বিশেষ ৰে'লৰ সুবিধা
বৰক'লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুষ্পকান্ত দাসৰ বিদায় সম্বৰ্ধনা সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in