/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/788a752b-c848-4b61-baed-33dd6c3e516b/asm_sec.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ প্ৰশাসনিক বিভাগত কেইবাগৰাকী বিষয়াক ৰদ-বদল কৰা হৈছে। দেওবাৰে ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা এক নিৰ্দেশনাযোগে কেইবাগৰাকী বিষয়াক বিভিন্ন বিভাগলৈ বদলি কৰা হৈছে।
নিৰ্দেশনা অনুসৰি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আয়ুক্তৰ দায়িত্বত থকা আই এ এছ বিষয়া মেঘা নিধি দাহালক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। আয়ুক্ত দাহালক AIDS নিয়ন্ত্রক বিভাগৰ প্রকল্পৰ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ed8f6231-7469-4773-aa42-404d3914c47b/674b86cc_0c7c_42e6_9939_a253285e646b.jpg)
আনহাতে এ চি এছ বিষয়া তথা উচ্চ শিক্ষাৰ সঞ্চালকৰ দায়িত্বত থকা ধৰ্মকান্ত মিলিক বদলি কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালকৰ দায়িত্ব দিয়া হৈছে। নিৰ্দেশনা অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ অতিৰিক্ত সচিব পমী বৰুৱাক বদলি কৰি উচ্চ শিক্ষাৰ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/99bd7542-c3dd-49f7-8075-d14d0c9ae0ce/62ab39ef_ad05_4265_8a2d_3f8322b6d76b.jpg)
ইফালে ড০ ইন্দ্রনাশী দাসক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালকৰ দায়িত্বৰ লগতে আয়ুসৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্বও অপৰ্ণ কৰা হৈছে।
Also Read: আছু-বি পি এফৰ শতাধিক নেতা-কৰ্মীৰ ইউ পি পি এলত যোগদান