/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b1fae5d1-f60f-4e3b-94b4-83ef89fa1734/uppl.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ বালাজানৰ ইউ পি পি এল কাৰ্যালয়ত দেওবাৰে শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে। আছু,বি পি এফ,সমাজক্ষেত্ৰ আদি বিভিন্ন ক্ষেত্ৰৰ পৰা আহি শতাধিক লোকে দলটোৰ নীতি-আদৰ্শৰ প্ৰতি সন্মান জনাই যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/54f81090-c610-4cee-9c91-c7592fd3752b/c7d12e6f_5504_4455_9355_b77da27f9522.jpg)
কোকৰাঝাৰ জিলা আছুৰ প্ৰাক্তন সম্পাদক চবিন শৰ্মা,বিপিএফ দলৰ কেবাগৰাকী কৰ্মকৰ্তা,স্থানীয় সমাজকৰ্মী আদিকে ধৰি শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে । এই উপলক্ষে বালাজান তিনালীৰ ইউ পি পি এলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান সভাত কোকৰাঝাৰ পূৱ সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰী,কোকৰাঝাৰ জিলা ইউ পি পি এলৰ নেতৃবৰ্গ উপস্থিত থাকি নতুনকৈ যোগদান কৰা সদস্যসকলক উষ্ম আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/539df790-d405-4c3f-844e-16fabb699119/f0028a04_6995_4ec6_a55c_636eff0d2893.jpg)
যোগদান পৰ্ব অনুষ্ঠানৰ পিছত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে, দিনক দিনে ইউ পি পি এল দলটো অধিক শক্তিশালী হৈ আহিছে । আজি বহু লোকে ইউপিপিএলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰাটোৱে ইয়াৰ অন্যতম প্ৰমাণ ।
সকলো জাতি জনগোষ্ঠীৰ সমউন্নয়ন,সমবিকাশ,সমঅধিকাৰ নীতিত বিশ্বাসী ইউ পি পি এল দলে বি টি আৰ এলেকাত শান্তিৰ বাতাবৰণ অব্যাহত ৰখাত বদ্ধপৰিকল্প । সুস্থ গণতন্ত্ৰৰ বাবে নাৰী সবলীকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইউ পি পি এল দলে নাৰী সবলীকৰণত গুৰুত্ব দি আহিছে বুলি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/01e6e9f2-66e3-4a59-a8fc-bb51119ae2e6/91c11ee1_3544_40ca_91c7_0f05a126aed3.jpg)
দেওবাৰে আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰা সমূহ সদস্যক আদৰণি জনাই দলৰ বাবে তেওঁলোকক কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে আজিৰ কাৰ্যসূচীত জিলা ইউ পি পি এলৰ সাধাৰণ সম্পাদক অমুল্য সূত্ৰধাৰ,সম্পাদক ক্ৰমে জগত নাথ,মতিউৰ ৰহমান, জিলা মহিলা শাখাৰ সম্পাদিকা অঞ্জলী ৰায় আদিকে ধৰি ভালেকেইগৰাকীয়ে অংশগ্ৰহণ কৰে ।
Also Read: কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আলোচনা চক্ৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us