ঢকুৱাখনাৰ প্ৰসুতীৰ জীৱনকলৈ নিৰ্মম হেতালি খেলিছে কোনে?

ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ
ঢকুৱাখনাৰ প্ৰসুতীৰ জীৱনকলৈ নিৰ্মম হেতালি খেলিছে কোনে?
ঢকুৱাখনাৰ প্ৰসুতীৰ জীৱনকলৈ নিৰ্মম হেতালি খেলিছে কোনে?

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই আচৰিত কৰি তুলিছে সমগ্ৰ অঞ্চলটো। চিকিৎসালয়খনৰ এক ঘটনাই লজ্জানত কৰিছে অঞ্চলটোৰ সচেতন ৰাইজক।

চিকিৎসালয়খনৰ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ। ভুক্তভোগীয়ে জনায় যে প্ৰসূতীৰ জীৱনকলৈ নিৰ্দয়জনকভাৱে হেতালি খেলি কেৱল সফলতাৰ পাছত দৌৰি প্ৰশাসনিক ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়খনৰ বিভাগীয় ক্ষমতাশীলপক্ষই। 

গৰ্ভৱতী মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যসন্মত দিশলৈ চৰম অৱজ্ঞা কৰাৰ অভিযোগ ভুক্তভোগীৰ। চিকিৎসালয়খনৰ প্ৰশাসনিক বিভাগে কেৱল সফলতাৰ ভুৱা জয়গান গাই ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰা বুলি ভুক্তভোগীৰ আক্ষেপ প্ৰকাশ।

একাংশ সচেতন লোকৰ অভিযোগ অনুসৰি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগে প্ৰসূতীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসকক নিযুক্তি দিয়া নাই। সমান্তৰালভাৱে চিকিৎসালয়খনত প্ৰসূতী আৰু নৱজাতকক ৰখাৰ বাবে  (পোষ্ট নেটেল) কোনো স্বাস্থ্যসন্মত ৱাৰ্ডৰ সুব্যৱস্থা  আজি পৰ্যন্ত হৈ উঠা নাই।

যাৰ ফলত চিকিৎসালয়খনৰ বাৰাণ্ডাতে অস্থায়ীভাৱে নিৰ্মিত অস্বাস্থ্যকৰ পৰিৱেশত প্ৰসূতী মাতৃ আৰু নৱজাতকৰ জীৱনকলৈ হেতালি খেলি থাকিবলৈ দিয়া হয়। মাতৃ-নৱজাতকৰ বাবে অতি স্পৰ্শকাতৰ সময় হিচাবে বিবেচিত এই অৱস্থাত প্ৰদূষিত অস্বাস্থ্যকৰ পৰিবেশত প্ৰসূতীসকলক ৰখাৰ পৰিপ্ৰেক্ষিতত সন্তান সম্ভৱা মাতৃসকলৰ চিকিৎসালয়খনৰ প্ৰতি আস্থা আৰু বিশ্বাস কমি আহিছে।

পৰিণতিত গ্ৰাম্য দৰিদ্ৰ প্ৰসুতীসকলে গাঁঠিৰ ধন ভাঙি হ'লেও জিলা সদৰ অথবা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ঢাপলি মেলিবলৈ বাধ্য হয় । আনহাতে মহকুমা মুখ্য কাৰ্যালয়ত অৱস্থিত এখন চৰকাৰী চিকিৎসালয়ৰ এনে নগ্ন অৱস্থাৰ সমান্তৰালকৈ চিকিৎসালয়খনত সক্ষম হৈ থকা নাই ৰক্ত জমা কেন্দ্ৰ (ব্লাড ষ্ট'ৰেজ চেণ্টাৰ)। 

"ছিজাৰীয়ান" ডেলিভাৰী কৰিবলৈ জৰুৰীভাবে প্ৰযোজ্য পৰ্যাপ্ত আৰু প্ৰয়োজনীয় তেজ যোগান নথকাৰ বাবেও ইতিমধ্যে বন্ধ হৈ পৰাৰ উপক্ৰম হোৱা এই চৰকাৰী চিকিৎসালয়খনৰ এনে  উলংগ স্বৰূপ ঢাকিবলৈ প্ৰশাসনীয়ভাবে গ্ৰহণ কৰা নিৰ্লজ্জ তৎপৰতাই জিলা স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনক জনদৃষ্টিত হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।

জিলা স্বাস্থ্য বিভাগ, জিলা স্বাস্থ্য সমিতি আৰু জিলা প্ৰশাসনে চিকিৎসালয়খনত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক , ৰক্ত সংৰক্ষণ কেন্দ্ৰ আৰু প্ৰসূতী ৱাৰ্ড আদিৰ প্ৰয়োজনীয় আৰু অতি জৰুৰী আন্তঃগাঁথনি উপলব্ধ কৰাত সামান্যতমো গুৰুত্ব নিদি কেৱল  "ছিজাৰীয়ান কেচ"ৰ সংখ্যা বৃদ্ধিতহে লখিমপুৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান , জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু উপায়ুক্তৰ কাৰ্য্যালয়ে গুৰুত্ব দিয়াৰ অভিযোগ।

দৰিদ্ৰ প্ৰসূতী - নৱজাতকৰ জীৱনক তুচ্ছ জ্ঞান কৰি কেৱল "ছিজাৰীয়ান কেচ" কৰাৰ হেঁচা দি অহা উল্লেখিত দায়িত্বশীল পক্ষৰ অবিবেচকী সিদ্ধান্তৰ অন্য এক চক্ৰান্ত পোহৰলৈ আহিছে । চিকিৎসালয়খনত মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া হিচাবে যোৱা ২০২১ চনত স্বাস্থ্য বিভাগে নিযুক্তি দিছিল ডাঃ প্ৰদীপ মিলিক।

চিকিৎসালয়খনৰ এই গুৰুত্বপূৰ্ণ শাখাটো সাৰ্বজনীন আৰু সৰ্বতো প্ৰকাৰে কাৰ্যকৰী কৰিবলৈ পৰ্যাপ্ত জৰুৰী আন্তঃগাঁঠনি উপলব্ধ কৰাৰ বাবে উৰ্ধতন কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনাই অহা এইগৰাকী স্বাস্থ্য বিষয়াক শেহতীয়াভাবে জিলা উপায়ুক্তৰ ২মে'ৰ মেম' নং-২২৩২/৩৭ নম্বৰৰ এক নিৰ্দেশনা যোগে চিকিৎসালয়খনৰ পৰা বদলি কৰা হয়।

চৰ্চা চলিছে যে চিকিৎসালয়খনত পৰ্যাপ্ত "ছিজাৰীয়ান কেচ" কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই স্বাস্থ্য বিষয়া ডাঃ মিলিক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ পৰা নাওবৈছা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উপ অধীক্ষক হিচাবে বদলি কৰি ঢকুৱাখনাৰ খালী হোৱা পদত ঢকুৱাখনা মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ডাঃ অতুল খাউণ্ডক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে ।

মহকুমাবাসীৰ একাংশৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ৰোগীৰ জীৱনক লৈ হেতালি খেলিবলৈ কুণ্ঠাবোধ কৰাৰ বাবেই চিকিৎসা বিষয়া ডাঃ মিলিক বদলি কৰাৰ দৰে অবিবেচকী সিদ্ধান্ত লৈ নিজৰ কটা যোৱা নাক বচোৱাত নিমগ্ন হৈছে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসন ।

উল্লেখ্য যে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ দায়িত্বপ্ৰাপ্ত প্ৰশাসনিক বিষয়া গিতালী দুৱৰাই চৰজমিন তদন্ত কৰাৰ সময়ত ডাঃ মিলিয়ে চিকিৎসালয়খনত দেখা দিয়া বিভিন্ন অভাৱ অভিযোগ সবিশেষ তথ্যসহ অৱগত কৰাৰ পাছতো বিভাগীয়ভাবে কোনো সময়োপযোগী সিদ্ধান্ত গ্ৰহণ নকৰি সম্পূৰ্ণ প্ৰৰোচনামূলকভাবে এই বদলিকৰণ কৰাত ঢকুৱাখনাবাসী ক্ষুব্ধ হৈছে।

প্ৰয়োজনীয় সুবিধা উপলব্ধ কৰাত গুৰুত্ব নিদি স্বাস্থ্য বিষয়া বদলিৰে দায় সাৰিব বিচৰা জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ এনে দৃষ্টিকটু পদক্ষেপ ঢকুৱাখনাৰ হাটে বাটে ব্যাপক চৰ্চাৰ বিষয় হিচাবে ধৰা দিছে। মহকুমাবাসীৰ দাবী প্ৰশাসনীয় ক্ষমতাৰে তলা ওলমোৱাৰ উপক্ৰম ঘটা  চিকিৎসালয়খনৰ আন্তঃগাঁথনি উপলব্ধ কৰাত প্ৰথমে গুৰুত্ব দি সক্ৰিয় কৰাতহে মনোনিবেশ কৰাটো জৰুৰী আছিল বুলি উল্লেখ কৰে ।

ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে এগৰাকী বিষয়াৰ ওপৰত দুটাকৈ গুৰুত্বপূৰ্ণ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰি এগৰাকী বিষয়াক ঢকুৱাখনাৰ বাহিৰলৈ বদলি কৰা কাণ্ডকলৈ সচেতন ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চপাৰ বাবে সাজু হোৱা বুলি জানিবলৈ দিয়ে।

ঢকুৱাখনাৰ প্ৰসুতীৰ জীৱনকলৈ নিৰ্মম হেতালি খেলিছে কোনে?
মাৰ্ঘেৰিটাৰ কিশোৰী বলাৎকাৰ আৰু হত্যাৰ অভিযুক্ত আনন তাঁতীক আটক আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in