কামতাপুৰ অটোনমাচ কাউন্সিল (KAC)ৰ অন্তৱৰ্তী পৰিষদ ভংগ কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ

কামতাপুৰ অটোনমাচ কাউন্সিল (KAC)ৰ অন্তৱৰ্তী পৰিষদ ভংগ কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ

author-image
Asomiya Pratidin
New Update
কামতাপুৰ অটোনমাচ কাউন্সিল (KAC)ৰ অন্তৱৰ্তী পৰিষদ ভংগ কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ

ডিজিটেল সংবাদ,গৌৰীপুৰ : দেওবাৰে এক প্ৰেছ বিবৃতিযোগে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি) ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কামতাপুৰ অটোনমাচ কাউন্সিল (KAC)ৰ নেতৃত্ব তথা পাৰিষদ সকলক তীব্র ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে, কোচ-ৰাজবংশী জনগোষ্ঠীৰ একাংশ দুৰ্নীতি পৰায়ণ, অপৰিপক্ক, ৰাজনৈতিকভাৱে অদুৰদৰ্শি আৰু অপদাৰ্থ নেতৃত্বৰ কাৰণে সমগ্র জনগোষ্ঠীটোৰ জাতীয় সংগ্ৰাম আজি ধ্বংসৰ মুখ লৈ গতি কৰিছে।

Advertisment

তেওঁলোকৰ কৰ্ম-কাণ্ডৰ ফলত কোচ-ৰাজবংশী সমাজৰ জাতীয় আন্দোলন বা সংগ্রাম বহুধাবিভক্ত। কামতাপুৰ অটোনমাচ কাউন্সিল (KAC) গঠনৰ পৰৱৰ্তী পৰ্যায়ত তেওঁকে জনগোষ্ঠীটোৰ মাজত থকা বিভিন্ন দল-সংগঠনক ঐক্যবদ্ধ কৰাত বিশেষ ভূমিকা গ্রহণ কৰিব লাগিছিল। তাকে নকৰি তেওঁলোকে জনগোষ্ঠীটোৰ মাজত থকা ছাত্র সংগঠন আক্ৰাছুক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ তাগিদাত কেইবাটাও ভাগত বিভক্ত কৰি কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সংগ্ৰাম খনক ধ্বংস কৰাৰ বাৱে উঠি পৰি লাগিছে।

লগতে উল্লেখ কৰে যে, এসময়ত কামতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আন্দোলন কৰি কামতাপুৰ অটোনমাচ কাউন্সিল( KAC) নামৰ এখনি তথাকথিত স্বায়ত্তশাসিত পৰিষদ লাভ কৰি জনগোষ্ঠীটোৰ জাতীয় সংগ্রামক সমুলি ধ্বংস কৰাৰ বাবে ঘৰশত্রু বিভীষণৰ ভূমিকাত অবতীর্ণ হৈছে। যিটো কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ নিচিনা এটি ঐতিহাসিক আৰু সংগ্রামী জাতিৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক।

তেওঁলোকৰ কৰ্ম-কাণ্ড আৰু দুৰ্নীতি পৰায়ণ চৰিত্ৰত আজি সমগ্র কোচ-ৰাজবংশী সমাজ লজ্জিত অনুভৱ কৰিছে। মাত্র ১১ কোটি টকা অনুদান লাভ কৰি তেওঁলোকে যেনে ধৰণে দুৰ্নীতি-অনিয়মত লিপ্ত হৈছে অতিকৈ দৃষ্টিকুট আৰু নিন্দনীয়।

এয়াই আছিল নেকি জনগোষ্ঠীয় সংগ্রামৰ আঁৰত তেওঁলোকৰ আচল চৰিত্ৰ। আজি তেওঁলোকৰ দুৰ্নীতি পৰায়ণ চৰিত্ৰৰ নগ্ন স্বৰূপ মুখা খোল খাইছে। তাৰ কাৰণে কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ ৰাইজে চাৰিওফালে তেওঁলোকক ধিক্কাৰ দিছে, নিন্দা কৰিছে। চাৰিওফালে সামাজিক যোগাযোগ মাধ্যমত সমালোচনাৰ জোৱাৰ উঠিছে বুলি উল্লেখ কৰে।

বিবৃতিত উল্লেখ কৰে যে 'সেয়ে আমি কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি)ৰ ফালৰ পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আবেদন জনাওঁ অতিশীঘ্র কামতাপুৰ অটোনমাচ কাউন্সিল (KAC)ৰ অন্তৱৰ্তী পৰিষদখন ভংগ কৰি দি তেখেতৰ দুৰ্নীতিৰ বিৰুদ্ধে যে শূন্য সহনশীলতাৰ নীতিৰ প্ৰকৃত পৰিচয় দিয়ক।'

একেটা বিবৃতিত ৰায়ে আৰু কয় যে কামতাপুৰ অটোনমাচ কাউন্সিল (KAC)ৰ অন্তৱৰ্তী পৰিষদখনৰ কাৰ্য্যকাল ইতিমধ্যে ২বছৰ অতিক্রম কৰিছে, সেয়ে আইনগতভাৱে অসম চৰকাৰে পৰিষদখন ভংগ কৰি দি শীঘ্রে নিৰ্বাচন অনুষ্ঠিত কৰা উচিত।

Also Read: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চৰ নতুন ভৱন উদ্বোধন

Kamtapur Autonomous Council