গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চৰ নতুন ভৱন উদ্বোধন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চৰ নতুন ভৱন উদ্বোধন

author-image
Asomiya Pratidin
New Update
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চৰ নতুন ভৱন উদ্বোধন

ডিজিটেল সংবাদ,বেকাজান : দেশৰ সৰ্বোচ্চ ন্যায়লৰ মুখ্য ন্যায়াধীশ ড° ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুদে শনিবাৰে মিজোৰাম নিউ কেপিটেল কমপ্লেক্স (MINECO), আইজলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চৰ নতুন ভৱনটো উদ্বোধন কৰে।  উদ্বোধনী অনুষ্ঠানত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সন্দীপ মেহতা উপস্থিত থাকে।

Advertisment

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চ উদ্বোধন কৰি  ড০ ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুদে কয়- 'যিহেতু আদালতে সফল ন্যায়পালিকাৰ ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে ইয়াৰ চৌহদ আৰু অন্যান্য প্ৰয়োজনীয় প্ৰযুক্তিৰ সুবিধাসমূহৰ উন্নয়ন গুৰুত্বপূৰ্ণ। 

কিন্তু তাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল আমি আইনৰ শাসন আৰু আইনৰ শান্তিপূৰ্ণ সমাধানৰ সৈতে থিয় দিব লাগিব। আইনৰ শাসনেই এই জাতিটোক বৰ্তাই ৰাখে আৰু এই নতুন অট্টালিকাই ৰাজ্যখনৰ আইনৰ শাসনকো সূচায়' বুলিও তেওঁ কয়।

এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সন্দীপ মেহতাই আদৰণি ভাষণ প্ৰদান কৰে আৰু ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী  অৰ্জুন ৰাম মেঘৱাল আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাইও তেওঁলোকৰ ভাষণ প্ৰদান কৰে।

Also Read: অভিনেতা ৰাজকুমাৰৰ বেথা বুজিব কোনে...

Aizawl gauhati high court