লামডিংত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

গণতন্ত্ৰ দিৱস লৈ মাজত মাত্ৰ এটা দিন । সমগ্ৰ দেশে উদযাপন কৰিব দেশৰ ৭৫ তম গণতন্ত্ৰ দিৱস ৷ দেশৰ প্ৰান্তে প্ৰান্তে চলিছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি। ইয়াৰ সমান্তৰালকৈ লামডিঙতো চলিছে ব্যাপক প্ৰস্তুতি ৷

author-image
Asomiya Pratidin
New Update
লামডিংত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ,লামডিংঃ গণতন্ত্ৰ দিৱস লৈ মাজত মাত্ৰ এটা দিন । সমগ্ৰ দেশে উদযাপন কৰিব দেশৰ ৭৫ তম গণতন্ত্ৰ দিৱস ৷ দেশৰ প্ৰান্তে প্ৰান্তে চলিছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি। ইয়াৰ সমান্তৰালকৈ লামডিঙতো চলিছে ব্যাপক প্ৰস্তুতি ৷

Advertisment

লামডিং ৰেলৱে বিৱেকানন্দ খেল পথাৰত আগন্তুক গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰেৰেডৰ অনুশীলন চলিছে ৷ লামডিং ৰেলৱে সুৰক্ষা বাহিনী (RPF), ৰেলৱে সুৰক্ষা বিশেষ বাহিনী (RPSF) দলে বুধবাৰে পুৱাৰে পৰা প্ৰেৰেডৰ অনুশীলন চলাইছে । এই অনুশীলনত আৰক্ষীৰ সৈতে দুটাকৈ Sniffer কুকুৰক অনুশীলনত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে৷

ইয়াৰোপৰি প্ৰতিবছৰৰ দৰে এইবাৰো ৰেলৱে সুৰক্ষা বাহিনী , ৰেলৱে সুৰক্ষা বিশেষ বাহিনীৰ জোৱান সকলক সহযোগ কৰিব ভাৰত স্কাউট এণ্ড গাইডে। ৭৫ তম গণতন্ত্ৰ দিৱসত লামডিং ৰেলৱে মণ্ডলীক প্ৰবন্ধ গৰাকীৰ উপস্থিত প্ৰেৰেডৰ নেতৃত্ব দিবৰেলৱে সুৰক্ষা বাহিনী প্ৰেড কামাণ্ডাৰ হিতেশ কুমাৰ শৰ্মাই ৷

Also Read: গণৰাজ্য দিৱস উপলক্ষে ঢকুৱাখনাত ৰক্তদান শিবিৰ

lumding republic day