গণৰাজ্য দিৱস উপলক্ষে ঢকুৱাখনাত ৰক্তদান শিবিৰ

গণৰাজ্য দিৱস উপলক্ষে ঢকুৱাখনাত ৰক্তদান শিবিৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঢকুৱাখনাত বুধবাৰে অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ ।  ঢকুৱাখনা উপ জিলা প্ৰশাসনৰ উদ্যোগত ইলোৰা বিজ্ঞান মঞ্চ আৰু ঢকুৱাখনা ব্যৱসায় সন্থাৰ সহযোগত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে  ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় প্ৰাঙ্গনত এই শিবিৰৰ অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা নগৰৰ গৰিষ্ঠ সংখ্যক সমাজ সচেতক ৰাইজ আৰু আগ্ৰহী ৰক্তদাতাৰ উপস্থিতিত এই শিবিৰ উদ্বোধন কৰে ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই। উদ্বোধনী ভাষণত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু মানৱ জীৱনৰ এই শ্ৰেষ্ঠতম দানৰ প্ৰাসংগিকতা সন্দৰ্ভত অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়াই কলিতাই।

ঢকুৱাখনা উপ জিলাৰ সহকাৰী আয়ুক্ত গৌৰাংগ দত্ত , ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি তবেন্দ্ৰ দাস , সম্পাদক ৰাজু চুতীয়া , ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ও স্বাস্থ্য বিষয়া (মুখ্য কাৰ্য্যালয়) ডাঃ মনেশ্বৰ সোণোৱাল, বিশেষজ্ঞ চিকিৎসক ডাঃ মিছ ৰুবী বৰ্মন ,  লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ কাউন্সিলৰ চম্পক বৰুৱা ,ডাঃ অভিজ্ঞান কাকতি , ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ খণ্ড আঁচনি প্ৰৱন্ধক সত্যম কুমাৰ চাহু ,ব্যৱসায় সন্থাৰ  বিষয়ববীয়া  পূৰ্ণ চুতীয়া, যোগেশ বৰুৱা, যুৱ ব্যৱসায়ী প্ৰণৱজ্যোতি দাস , বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মা কোচ আদি গৰিষ্ঠ সংখ্যক সচেতন ৰাইজ উপস্থিত থাকে ।

এই শিবিৰত সহকাৰী আয়ুক্ত গৌৰাংগ দত্তই প্ৰথমে ৰক্তদান কৰি শিবিৰ শুভাৰম্ভ কৰাৰ  পৰৱৰ্তী সময়ত বিয়লি পৰ্যন্ত এই শিবিৰ অব্যাহত থাকে। সভাতেই ইতিপূৰ্বে ৰক্তদান শিবিৰত ৰক্ত দান কৰা ৰক্তদাতা সকলক মানপত্ৰ প্ৰদান কৰা হয় । ৰক্তদাতা সকলক আয়োজক সমিতিৰ তৰফৰ পৰা এটাকৈ গছপুলিৰে কৃতজ্ঞতা জনোৱা হয়।

গণৰাজ্য দিৱস উপলক্ষে ঢকুৱাখনাত ৰক্তদান শিবিৰ
দৰং জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in