সৰভোগত উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন

সৰভোগত উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন

ডিজিটেল সংবাদ, সৰভোগঃ সমগ্ৰ ভাৰতবৰ্ষত উলহ- মালহেৰে উদযাপন কৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস। তাৰে সমান্তৰালকৈ সৰভোগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় বাবে অনুষ্ঠিত কৰে গণৰাজ্য দিৱস।

ৰাতিপুৱা ৮ বজাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বৰনগৰ ৰাজহ চক্ৰ বিষয়া মিথিংগা দৈমাৰী সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰোক্ষী বিষয়া বৰনগৰবাসী ৰাইজৰ সহযোগত বৰনগৰ অঞ্চলৰ প্ৰায় তেৰখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পতাকা উত্তোলন আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

পতাকা উত্তোলনৰ পিছ মহুৰ্ততে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে দেশপ্ৰেম মূলক নৃত্য বিহু নৃত্য সংগীত আৰু এন চিচি পেৰেড প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীয়ে। পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক এটি মানপত্ৰ আৰু এটি ট্ৰফিৰে সম্মান জনাই ।

ইপিনে সৰভোগৰ বিভিন্ন প্ৰান্তৰ সাহাপুৰ মেৰাজুল এমি মাদ্ৰাছা, ডি কে হাইস্কুল, জ্ঞানোদয় জাতীয় বিদ্যালয়, এ আৰ ইংলিছ একাডেমী, আজান পীৰ মাছুম মডেল একাডেমী আৰু বালাভিঠা নৱজাগৰণ এমি স্কুলত আজি অতি উলহ-মালহেৰে উদযাপন কৰিলে গণৰাজ্য দিৱস ।

সৰভোগত উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন
কামপুৰত গণতন্ত্ৰ দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in