কামপুৰত গণতন্ত্ৰ দিৱস উদযাপন

কামপুৰত গণতন্ত্ৰ দিৱস উদযাপন

ডিজিটেল সংবাদ, কামপুৰঃ সমগ্ৰদেশৰ লগতে শুকুৰবাৰে কামপুৰতো ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি পুৱা সাত বজাত কামপুৰৰ ব্যক্তিৰ গৃহৰ লগতে শিক্ষানুষ্ঠান ;অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ লগতে চৰকাৰী কাৰ্যলয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত কামপুৰ ৰাস পথাৰত কেন্দ্ৰীয়ভাৱে দিৱসটি উদযাপন কৰে।

কামপুৰ ৰাসপথাৰত অনুষ্ঠিত এই অনুষ্ঠানৰ পুৱা স্মৃতি তৰ্পন আৰু পতাকা উত্তোলন কৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লহকৰে। এই অনুষ্ঠানতে কামপুৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা ছয়জন বিশিষ্ট ক্ৰমে অৱসৰ প্ৰাপ্ত কৃৰ্তী শিক্ষক নৰেন চন্দ্ৰ নাথ ; সমৰক'লা বিদ জয়ন্তু লস্কৰ ;বিশিষ্ট শিক্ষাবিদ হৰিদেৱ মহন্ত ;বিশিষ্ট ক্ৰীড়া সংগঠক মহমদ আলি ; সমাজ সেৱক হৰেন টেৰন ;কঠীয়াতলী অঞ্চলৰ সমাজ সংগঠক কালাচৰন পাটৰকক সম্বৰ্ধনা জনোৱাৰ লগতে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কামপুৰ অঞ্চলৰ পৰা কৃৰ্তীত্বৰে উত্তীণ হোৱা চাৰিজন ছাত্ৰ -ছাত্ৰী ক্ৰমে ভাস্কৰ শিখা শইকীয়া ;লতা ডেকাৰজা ;বিতু বৈশ্য আৰু নৱ জ্যোতি দাসক সম্বৰ্ধনা জনোৱা হয়।

তাৰোপৰি কামপুৰ উচ্চতৰ মাধ্যমিক ;কামপুৰ শংকৰদেৱ বিদ্যানিকেতন ;কামপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে এন চি চি স্কাউত এণ্ড দ্বাৰা কুচকাৱাজ আৰু অভিনন্দন জনোৱাৰ বাবে মানপত্ৰ প্ৰদান কৰে। এই উপলক্ষে দেশপ্ৰেমমূলক গীত -নৃত্য অনুষ্ঠান অনুস্থিত হোৱাৰ লগতে 'অন্বেষা' দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

কামপুৰত গণতন্ত্ৰ দিৱস উদযাপন
বোকাজানত গণৰাজ্য দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in