ৰাঙলু এ কে মেমৰিয়েল নেচনেল একাডেমীত গণতন্ত্ৰ দিৱস

পতাকা উত্তোলনৰ পাছতে অনুস্থিত হোৱা মুকলি সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক নজিবুৰ ৰহমান, বিশিষ্ট সাংবাদিক ঘনকান্ত বৰা, কঠীয়াতলী বহুমুখী সমবায় সমিটি আৰু ৰাঙলু গাওঁ পঞ্চায়তৰ সভাপতি আব্দুলা শ্বেখে।

author-image
Asomiya Pratidin
New Update
ৰাঙলু এ কে মেমৰিয়েল নেচনেল একাডেমীত গণতন্ত্ৰ দিৱস

ডিজিটেল সেৱা, কঠীয়াতলীঃ শুকুৰবাৰে ৭৫ তম গণৰাজ্য দিৱস। দেশজুৰি পালন কৰা হ'ল এই গণৰাজ্য দিৱসৰ সমান্তৰাল ভাৱে নগাঁও জিলাৰ ৰাঙলুস্থিত এ কে মেমৰিয়েল নেচনেল একাডেমীত আজি গণতন্ত্ৰ দিৱসটি উদযাপন কৰা হয়। বিদ্যালয়খনত গণতন্ত্ৰ দিৱসৰ লগতে দশমমান শ্ৰেণীৰ বিদায় সভা অনুস্থিত হয়। পুৱা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত পতাকা উত্তোলন কৰে কঠীয়াতলী প্ৰেছ ক্লাৱৰ সভাপতী ঘন কান্ত বৰাই ।

Advertisment

পতাকা উত্তোলনৰ পাছতে অনুস্থিত হোৱা মুকলি সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক নজিবুৰ ৰহমান, বিশিষ্ট সাংবাদিক ঘনকান্ত বৰা, কঠীয়াতলী বহুমুখী সমবায় সমিটি আৰু ৰাঙলু গাওঁ পঞ্চায়তৰ সভাপতি আব্দুলা শ্বেখে। সভাত গণতন্ত্ৰ দিৱসৰ সম্পৰ্কে বাখ্যা আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক নজিবুৰ ৰহমানে।

মুকলি সভাত বিশিষ্ট সাংবাদিক ঘনকান্ত বৰাই ছাত্ৰ ছাত্ৰী সকলক সহজ ভাষাত গণতন্ত্ৰ দিৱসৰ বিষয়ে বাখ্যা আগবঢ়াই। সভাত উপস্থিত ব্যক্তি সকলে দশম শ্ৰেনীৰ বিদায়ী ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।সভাখনৰ আদৰনি অনুস্থান পৰিচালনা কৰে নৱাজ শ্বৰিফে। ছৰিফুল ইছলাম ছিদ্দিক ৰ সভাপতিত্বত অনুস্থিত হোৱা এই সভাখনত অঞ্চলটোৰ বহু আমন্ত্ৰিত অতিথি ৰ লগতে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল।

Also Read: লামডিঙত তিনিজন চিকাৰী আটক

republic day Kathiatoli