জামুগুৰিহাটত ধৰ্মালোচনী সভা সম্পন্ন

জামুগুৰিহাটত ধৰ্মালোচনী সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ধৰ্মালোচনী সভা সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ চিলনীপামৰ পূব ভৰলী মিছিং কীৰ্ত্তন গৃহত দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ধৰ্মালোচনী সভা অনুষ্ঠিত হৈ যায় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক শাখাৰ উদ্যোগত পূৱ ভৰলী মিছিং প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা এই ধৰ্মালোচনী সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ যোৰহাট জিলাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক যোগেশ লয়িঙে ৷

Advertisment

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক শাখাৰ প্ৰতিটো প্ৰাথমিকৰ বিষয়ববীয়া- সদস্যসকলৰ উপস্থিতিত পুৱা পতাকা উত্তোলন, নাম প্ৰসংগ আদিৰ পিচতে ধৰ্মালোচনী সভাখনি শুভ উদ্ধোধন কৰে তেজপুৰ জিলা সমিতিৰ মূখ্য উপদেষ্টা প্ৰভাকৰ বৰ্মণে ৷ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ তথা আই-মাতৃৰ উপস্থিতিয়ে বৰদিকৰাই মিৰি গাঁওক বৈকুণ্ঠ নগৰীলৈ পৰিণত কৰে।

Also Read: শিক্ষকৰ চাকৰি,নাই আহৰি...

jamugurihat padma hazarika