/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/himan.jpg)
ডিজিটেল ডেস্ক: যোৱা ৫-৬ বছৰ ধৰি হিন্দুস্থান কৰপাৰেচনৰ মিল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰ নাই কোনো দৰমহা। যাৰ বাবে বিগত এই ৫ বছৰত বহু অনাকাংশিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰিবলৈ সক্ষম হৈছে।
এই সকলোবোৰ আশা আশংকাৰ আজি কিছু অৱসান ঘটিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন চৰকাৰে অৱশেষত আগবাঢ়ি আহিছে। বৃহস্পতিবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত এই কৰ্মচাৰী সকললৈ আগবঢ়োৱা হয় আৰ্থিক সাহায্য।
আজিৰ এই সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজহুৱাখণ্ডৰ দুয়োটা পেপাৰ মিল বন্ধ হোৱা ঘটনা কাৰো বাবে সুখবৰ নাছিল। কিন্তু কিয় এই মিল বন্ধ হ'বলগীয়া হ'ল আৰু ইয়াৰ বাবে কোন দায়বদ্ধ আমি সকলোৱে ক'ম বেছি পৰিমাণে অবগত। বিভিন্ন সময়ত চলি থকা গোচৰ, দুৰ্নীতিৰ অভিযোগ আদিয়ে আমাৰ মনত নিশ্চয় চিন্তাৰ উদ্বেগ কৰে । যি সময়ত ব্যক্তিগত খণ্ডৰ পেপাৰ মিল ঠিক মতে চলি আছে তেনে ক্ষেত্ৰত এই পেপাৰ মিল দুটাৰ মৃত্যুয়ে বহু নক'বলগীয়া কথা কৈ যায়। এক কথাত ক'বলৈ গ'লে এই পেপাৰ মিলৰ যি সকল বিষয়া কৰ্মচাৰীয়ে মেনেজমেন্ট কৰিছিল তেওঁলোকে আমাৰ জাতিটোক এটা ভীষণ ক্ষতি কৰি গৈছে তাক সময়ে প্ৰমাণ কৰি গৈছে।
যি সকলৰ বাবে এই পেপাৰ মিলৰ এই অৱস্থা হৈছে সেই সকলে হয়তো এতিয়া সুন্দৰ জীৱন যাপন কৰি আছে। আজি তেওঁলোকক মই অসমৰ ৰাইজৰ হৈ কঠোৰ ঘৃণা আৰু সমালোচনাৰে উপচাই দিব বিচাৰো।
সময়ে সময়ে আমি পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ ওচৰত থিয় হৈ আহিছো। সমালোচনা হৈছে যে চৰকাৰে কাম কৰিব লাগিছিল। কিন্তু ২০১৪ চনৰ পৰা বিনামূলীয়া বিদ্যুতৰ যোগান ধৰি আহিছে। লগতে বিভিন্ন সময়ত কৰ্মচাৰী সকলক বৃত্তি দিয়াৰো ব্যৱস্থা কৰা হৈছিল।
কিন্তু কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহু কথা ভাৱিব লগীয়া হয়। ৮১০ কোটি টকা ৩০০০ কৰ্মচাৰীলৈ বিতৰণ কৰিম, যদি কৰিব নালাগিলহেনেত তেন্তে সেই টকাৰে কোনো গাঁৱৰ হস্পাতাল , ৰাস্তা পথ নিৰ্মাণ হ'লহেতেন। চৰকাৰৰ হাতত যি টকা থাকে সেয়া ক'ত খৰচ কৰিম তাত গুৰুত্ব দিয়াৰ ওপৰত কথা ।
কাগজ মিল দুটাৰ ইউনিয়নৰ লগত কথা পাতি সিদ্ধান্ত লোৱা হৈছিল যে মিলটো বন্ধ হোৱা দিনলৈকে কৰ্মচাৰী সকলে দৰমহা পাব, উপযুক্ত সকলক চাকৰি পাব , ২৫ কোটি টকাৰে ট্ৰাস্ট হ'ব যাতে সেই টকাৰে কৰবাত প্ৰাক্তন কৰ্মচাৰী সকলক সকাহ দিব পাৰি, 'কন্ট্রেকছুৱেল কৰ্মচাৰীৰ দ্বায়িত্ব ল'ব চৰকাৰে।
শৰ্মাই কয় যে ৩৫০ কোটি আমি লিকুইডিটৰক দিছো, তাৰে ৫০ কোটি কৰ্মচাৰীয়ে পাব। কল দুটা চৰকাৰৰ নামত পঞ্জীয়ন কৰাৰ সময়ত ১৫ কোটি টকা দিছো। অন্যহাতে কোৱাৰ্টাৰত থকা কৰ্মচাৰীক কোৱাৰ্টাৰ খালী কৰাৰ আহ্বান মুখ্যমন্ত্রীৰ।
আমি মুঠ ৯০০ কোটি টকা খৰচ কৰাৰ কথা আছিল। পেঞ্চন ফাণ্ডৰ টকা আমি পিএফ অফিচত দি দিম। লিকুইডিটৰে দিয়া ধন আমি কৰ্মচাৰীসকলৰ মাজত ভগাই দিয়া হব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।গ্রেছুইটি আৰু পেঞ্চন ফাণ্ডৰ ধনো ৰাজ্য চৰকাৰে দিব।
নগাঁও পেপাৰ মিলক ৮০.৭০ কোটি টকা, কাছাৰ পেপাৰ মিলক ৮৬.১২, কলকাতাৰ কৰ্মচাৰী সকলক ১২ কোটি টকা আজি মোকলাই দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।