২০২৪! বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী শক্তিশালী নে?

২০২৪! বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী শক্তিশালী নে?

দেশত ৰাজনীতিৰ বাতাবৰণ অতি ৰোমাঞ্চকৰ হৈ পৰিছে। বিৰোধী মুক্ত ভাৰত গঢ়িবলৈ অহৰহ চেষ্টা কৰি গৈছে বিজেপিয়ে। এই ক্ষেত্ৰত বিৰোধীয়ে কিবা ভূমিকা পালন কৰিবলৈ সক্ষম হ'বনে এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন…

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। কিন্তু এই ঘটনাৰ পাছতেই হয়তো ভাৰতীয় ৰাজনীতি, ৰাজনীতিবিদ আৰু ইয়াৰ সৈতে জড়িত লোকসকলক দীৰ্ঘদিন ধৰি আতংকিত কৰি ৰাখিব। প্ৰশ্ন হয় বিৰোধী দল শক্তিশালী আৰু ঐক্যবদ্ধ নে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সৈতে মুখামুখি হ'বলৈ? বিভক্ত বিৰোধীয়ে ২০২৪ চনত কিবা কৰিব পাৰিবনে?

আমি কৰ্ণাটকৰ কথা ক'ব পাৰো। মে' ২০১৮  ৰ বিধানসভা নিৰ্বাচনত, ৰাজ্যখনত কোনেও একক  সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। সেই সময়ত বিজেপি আটাইতকৈ ডাঙৰ দল আছিল, কিন্তু জনতা দল (চেকুলাৰ) আৰু কংগ্ৰেছ একত্ৰিত হৈ চৰকাৰ গঠন কৰিছিল কৰ্ণাটকত। বিধান সভাৰ অধিক সদস্য (বিধায়ক) থকা স্বত্বেও, কংগ্ৰেছে জেডিএছ নেতা এইচ ডি কুমাৰস্বামীক সুযোগ দিয়াৰ সিদ্ধান্ত লয় আৰু তেওঁ মুখ্যমন্ত্ৰী হয়। সেই সময়ত  মোডী আৰু শ্বাহৰ শক্তি কমাবলৈ এই ত্যাগ প্ৰয়োজন বুলি ভবা হৈছিল।

কিন্তু সেই ধাৰণা ভুল আছিল। চৰকাৰখন ক্ৰমান্বয়ে ৰাইজৰ মাজত জনপ্ৰিয়ক কমি আহিছিলৱ আৰু  ১৪ মাহ আৰু চাৰি দিনতকৈ বেছি থাকিব নোৱাৰিলে। বৰ্তমান কৰ্ণাটকত বিজেপিৰ চৰকাৰ। সেই এই ঘটনা মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ লগত আমি দেখিবলৈ পাঁও।

এখনৰ পাছত আন এখন ৰাজ্যত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰি গৈছে।এতিয়া বি়জেপিৰ লক্ষ্য হ'ল দক্ষিণাত্যৰ ৰাজ্য সমূহ। মোডী, শ্বাহকে ধৰি প্ৰতিজনে চেষ্টা চলাই গৈছে। কেইদিনমান পূৰ্বে হাইদৰাবাদত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহত সভাতো বিজেপিয়ে তেওঁলোকৰ এক শক্তিশালী ৰূপ দেখাবলৈ চেষ্টা কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বাহৰ মতে আগন্তুক ৩০-৪০ বছৰত ভাৰতত বিজেপিৰে শাসন থাকিব আৰু বিজেপিক বিশ্বগুৰু আখ্যা দিব জনতাই।

এন ডি এ অহৰহ চেষ্টা চলাই গৈছে বিৰোধী মুক্ত ভাৰত গঢ়িবলৈ। কিন্তু ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ ঐতিহ্য কেৱল শাসক পক্ষৰ কাম-কাজৰ ওপৰতে বৰ্তি নাথাকে। শাসক-বিৰোধী দুয়ো পক্ষৰ  সহযোগতহে এক শক্তিশালী গণতন্ত্ৰ আশা কৰিব পাৰি।

২০১৪ চনত শাসনলৈ অহা বিজেপিয়ে কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ শ্লোগান দিছিল। আৰু এতিয়া সেই বিজেপি চৰকাৰে পৰিয়ালবাদ মুক্ত ভাৰত গঢ়াৰ শ্লোগান দিছে। বিজেপিৰ মতে পৰিয়ালবাদ মানে হৈছে গান্ধী-নেহৰুৰ পৰিয়াল। কিন্তু মন  কৰিলে দেখা যায় কংগ্ৰেছে বহু অন্য লোককো সুযোগ দি আহিছে।

২০১৪ চনৰ পৰা বিজেপিয়ে কংগ্ৰেছৰ পৰা বহু কেইখন ৰাজ্য কাঢ়ি লৈছে। সেয়া লাগিলে ভোটৰ দ্বাৰাই হওক বা কৌশলেৰে হওক। তাৰ উদাহৰণ হিচাপে আমি মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু কৰ্ণাটকৰ নাম ল'ব পাৰো।

বৰ্তমান কংগ্ৰেছৰ শাসনত আছে মাথো ছত্তীশগড় আৰু ৰাজস্থান। কংগ্ৰেছে লাহে লাহ হেৰাই গৈছে জনপ্ৰিয়তা। দুৰ্বল হৈ পৰা দলটোক সকলো ফালৰ পৰা কেকোৰা চেপা দি চেপিবলৈ চেষ্টা কৰি গৈছে বিজেপিয়ে। আৰু বহু সময়ত বিজেপি সফল হোৱাও পৰিলক্ষিত হয়।

বিৰোধী মুক্ত ভাৰত গঢ়িবলৈ বিজেপিয়ে আন সৰু দল সমূহতো হয়তো ভেটি স্থাপন কৰি ল'ব। উদাহৰণ স্বৰুপে আমি অসম গণ পৰিষদৰ কথা পাৰো। অসমৰ এই আঞ্চলিক দলটোত এতিয়া বিজেপিৰ ভেঁটি দৃঢ়।

প্ৰশ্ন হয়  ২০২৪ চনত বিৰোধিয়ে কোনো অলৌকিক প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'বনে? অৱশ্যে এইটো সঁচা যে, ভাৰতৰ বহুতো ৰাজ্য চৰকাৰ তথাকথিত বিৰোধীৰ দ্বাৰা পৰিচালিত হয়। অন্যহাতে একাংশ দল কংগ্ৰেছৰ বিৰুদ্ধে মুখামুখি যুঁজতো আছে।

ইয়াৰ মাজত ক'ব লাগিব দক্ষিণৰ কেৰালা, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত বিজেপিৰ স্থান নাই। এই ৰাজ্য সমূহৰ জনতাই বিজেপি অথবা কংগ্ৰেছ কাকোৱেই নিবিচাৰে। ঠিক তেনেদৰে  আমি নাম ল'ব পাৰো উৰিষ্যাৰ বিজু জনতা দল, পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ আৰু পঞ্জাৱৰ আম আদমি পাৰ্টীৰ। অৱশ্যে বিজেপিয়ে এই ৰাজ্যত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা নকৰা নহয়।

কিন্তু জনতাই বিচাৰে কাক? জনতাই বিচাৰে তেওঁলোকৰ ইচ্ছা পূৰণ হোৱা। এখন শক্তিশালী আৰু স্থিৰ চৰকাৰ বিচাৰে, আৰু বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে সেইটো প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। অসম, মণিপুৰ আৰু গোৱা হৈছে তাৰ মুখ্য উদাহৰণ।  দলত্যাগ, বা যিসকলে কংগ্ৰেছ বা তেওঁলোকৰ স্থানীয় দলৰ সৈতে সম্পৰ্ক এৰিছিল  তেওঁলোক পুনৰ নিৰ্বাচনত জয়ী হৈছিল বিজেপিৰ পৰা।

মূল প্ৰশ্নটো হ'ল যিসকলে  এনডিএ চৰকাৰ নিবিচাৰে তেওঁলোকৰ আশা পূৰ্ণ হ'বনে ? যোৱা লোকসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰ দলে মুঠ ভোটৰ ৪৫ শতাংশ লাভ কৰিছিল। ইয়াৰ পৰা ইয়ে প্ৰমাণ হয় যে ৫৫ শতাংশ জনসাধাৰণে এই মিত্ৰতাৰ বিৰোধিতা কৰিছিল।

হয়তো কিবা অলৌকিক ঘটনাই পৰিস্থিতি সলনি কৰিব পাৰে। কিন্তু সেয়া হ'বলৈ ইমান সহজো নহয়। লোকসভা নিৰ্বাচনলৈ মাত্ৰ ২০-২১  মাহ বাকী আছে।আগন্তুত সময়ত আৰু আৰম্ভ হ'ব নিৰ্বাচনৰ নতুন খেল।  হয়তো নিৰ্বাচনত বিৰোধিৰ সলনি বিজেপিয়ে দেখাব অন্য এক চমক। এই ক্ষেত্ৰত আমি শিৱসেনাৰ উদাহৰণ লব পাৰো। কেতিয়াও নভৱা কথা এটা বিজেপিয়ে কৰি একপ্ৰকাৰ মহাৰাষ্ট্ৰত খোপনি লৈছে।

বিৰোধীয়ে সঘনাই দাবী কৰে যে চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি ক্ষমতা হস্তগত কৰে। ইয়াত নতুন একো নাই। এনে ধৰণৰ ঘটনা পূৰ্বতো সংঘটিত হৈছিল। ক্ষমতাৰ অপব্যৱহাৰ হৈয়ে আছে।যি সুস্থিৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। পৰৱৰ্তী সময়ত ৰাজনীতিৰ এই খেল খন আৰু অধিক ৰোমাঞ্চকৰ হৈ পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in