মেৰাপানীত 'দৈয়াং বাৰ্তা' নামৰ মাহেকীয়া আলোচনীৰ উন্মোচনী সভা

মেৰাপানীত 'দৈয়াং বাৰ্তা' নামৰ মাহেকীয়া আলোচনীৰ উন্মোচনী সভা

ডিজিটেল সংবাদ, মেৰাপানী : দৈয়াঙৰ চিন্তন অধ্যয়ন চক্ৰৰ উদ্যোগত এক নতুন চিন্তন আৰু মন্থনেৰে‌ গোলাঘাট জিলাৰ অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী মেৰাপানী অঞ্চলত সংযোজিত হ'ল 'দৈয়াং বাৰ্তা' নামৰ মাহেকীয়া আলোচনীৰ। দৈয়াঙৰ ঐতিহ্য পৰম্পৰা, কৃষ্টি-সংস্কৃতি, সাহিত্য আৰু জলন্ত সমস্যা সমূহৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাকৈ দৈয়াং উপত্যকা বুকুত কেইজনমান নবীন প্ৰবীণ লেখক, সাংবাদিকৰ প্ৰচেষ্টাত প্ৰকাশিত হয় এখন বাৰ্তালোচনীৰ।

দৈয়াং ৰত্ন মহেন বৰুৱাৰ সভাপতিত্বত মেৰাপানী মহকুমা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত দৈয়াং বাৰ্তাৰ উন্মোচনী সভাত সাংবাদকৰ্মী অৰূপ শইকীয়াৰ সম্পাদনাত প্ৰস্তাৱনা সংখ্যা প্ৰকাশ কৰে। মেৰাপানী টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন বৰাই বাৰ্তালোচনীখন শুভ উন্মোচন কৰে।

লগতে তেওঁ দৈয়াং বাৰ্তাৰ উন্মোচনী সভাত আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । ইফালে অনুষ্ঠানত উপস্থিত থাকে দৈয়াং চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ বিষয় শিক্ষক দুলাল চন্দ্ৰ দাস, মেৰাপানী সাংবাদিক সংস্থাৰ সম্পাদক হিৰণ্য গগৈ, বৰডুবি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভদ্ৰেশ্বৰ বৰা, জাতীয় বিদ্যালয় মেৰাপানীৰ অধ্যক্ষা ৰূপা শইকীয়া, সঞ্চালক পল্লৱ বৰবৰা, কবি দ্বীপেন বৰাকে আদি কৰি দৈয়াঙৰ বিভিন্ন মাধ্যমৰ বিশিষ্ট ব্যক্তিসকল। এই বাৰ্তালোচনীখনে অঞ্চলটোৰ সংবাদ সাহিত্যৰ ক্ষেত্ৰত নৱ সংযোজন ঘটা বুলি উল্লেখ কৰে বৌদ্ধিক মহলে।

মেৰাপানীত 'দৈয়াং বাৰ্তা' নামৰ মাহেকীয়া আলোচনীৰ উন্মোচনী সভা
চৰকাৰী বিদ্যালয়ৰ নমুনা! এহাতে ছাতি এহাতে কিতাপ লৈ শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in